কৰ্ণাটকৰ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন গৌড়া পাটিল যতমলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক ‘বিবিষকন্যা’ আৰু ‘পাকিস্তান আৰু চীনৰ এজেণ্ট’ বুলি অভিহিত কৰিছে! বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেওঁৰ এই মন্তব্যৰ বাবেই ইতিমধ্যে কৰ্ণাটকৰ ৰাজনীতিত বিতৰ্কৰ সৃষ্টি কৰিছে।
বৃহস্পতিবাৰে কালবুৰ্গীত অনুষ্ঠিত নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিষাক্ত সাপৰ সৈতে তুলনা কৰে। পিছত খাৰ্গেই এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে। নিজৰ বক্তব্যটো ওভতাই লৈ খাৰ্গেই কয় যে মোডী নহয়, বিজেপি বিষাক্ত সাপৰ দৰে। মুখ স্পৰ্শ কৰিলেই মৃত্যু নিশ্চিত!
খার্গেৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুকুৰবাৰে কোপ্পালত এখন ৰাজহুৱা সভাত পাটিলে ছোনিয়াক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিধায়ক গৰাকীয়ে কয় “নৰেন্দ্ৰ মোডীক সমগ্ৰ বিশ্বই সন্মান কৰে।আৰু কংগ্ৰেছে তেওঁক বিষাক্ত সাপৰ লগত তুলনা কৰে! ছোনিয়া গান্ধীৰ নিৰ্দেশত কংগ্ৰেছ নেতাসকলে এই কথা কৈছে। তেওঁ বিষকন্যা ৷ পাকিস্তান আৰু চীনৰ এজেণ্ট, যিয়ে ভাৰত ধ্বংস কৰিব বিচাৰে।” শুকুৰবাৰে কৰ্ণাটক কংগ্ৰেছে বিজেপিয়ে পাটিলক শীঘ্ৰে দলৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনায়।