টাটা গ্ৰুপৰ এয়াৰ ইণ্ডিয়াই শীঘ্ৰে ১০০০ৰো অধিক পাইলট নিযুক্তি দিব । এই সন্দৰ্ভত এক বিজ্ঞাপন অনুসৰি অধিনায়ক আৰু প্ৰশিক্ষকৰো নতুন নিযুক্তি দিয়া হ’ব ৷এয়াৰ ইণ্ডিয়াই বয়িং আৰু এয়াৰবাছৰ পৰা আৰু ৪৭০খন বিমান ক্ৰয় কৰিবলৈ ওলাইছে বুলিও জনা গৈছে।
বৰ্তমান দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোত ১৮০০ পাইলট কৰ্মৰত। তাৰ ওপৰত এয়াৰবাছ আৰু বয়িঙে আৰু ৪৭০খন নতুন বিমান ক্ৰয় কৰাৰ উদ্ধৃতি দিয়া হৈছে। মন কৰিবলগীয়া যে বিশ্বত যাত্ৰীবাহী বিমান নিৰ্মাণৰ ক্ষেত্ৰত এই কোম্পানী দুটাৰ একচেটিয়া অধিকাৰ আছে।
বিগত বৰ্ষৰ জানুৱাৰী মাহত এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপে পুনৰ ক্ৰয় কৰিছে ৷ তেতিয়াৰ পৰাই বিমান সংস্থাটোৱে সকলোক্ষেত্ৰতে নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে। ইয়াৰ এটা অংশ হৈছে পাইলট নিযুক্তি দিয়াৰ সিদ্ধান্ত। বিজ্ঞাপন অনুসৰি এয়াৰ ইণ্ডিয়াই এ-৩২০, বি-৭৭৭, বি-৭৩৭ উৰণৰ বাবে কেপ্তেইন, ফাৰ্ষ্ট অফিচাৰ আৰু ইনষ্ট্ৰাক্টৰ নিয়োগ কৰিব।
নিযুক্তিৰ সমান্তৰালকৈ শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াই কৰ্মচাৰীসকলৰ বিশেষকৈ পাইলট আৰু কেবিন ক্ৰুৰ দৰমহাৰ গাঁথনি সলনি কৰিবলৈ সিদ্ধান্ত লৈছে ৷ কর্তব্য সম্পাদনৰ ক্ষেত্ৰতো বহু পৰিৱৰ্তনৰ কথাও বিবেচনা কৰা হৈছে। ইণ্ডিয়ান কমাৰ্চিয়েল পাইলট এছ’চিয়েচন (আইচিপিএ) আৰু ইণ্ডিয়ান পাইলটছ গিল্ড (আইপিজি) নামৰ দুটা পাইলট ইউনিয়নে প্ৰত্যক্ষভাৱে ইয়াৰ আপত্তি কৰিছে। দুয়োটা ইউনিয়নে দাবী কৰে যে নতুন দৰমহা স্কেল আৰু কর্তব্যৰ সালসলনি শ্ৰম আইন বিৰোধী আৰু ইয়াক চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত পাইলট আৰু আন অংশীদাৰীৰ সৈতে আলোচনা কৰা হোৱা নাছিল।