উত্তৰ লখিমপুৰ, ২৮ এপ্ৰিলঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি লখিমপুৰ জিলাৰ লীলাবাৰীস্থিত ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ চৌহদত আয়োজিত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ ১১৭ সংখ্যক দলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে সমাৰোহত অংশগ্ৰহণকাৰী আৰক্ষী জোৱানসকলৰ পেৰেড পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকে প্ৰদৰ্শন কৰা কুচ-কাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত চূড়ান্ত মূল্যায়ণত অৱতীৰ্ণ হৈ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাসকলক আজিৰ এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বঁটাসমূহ প্ৰদান কৰে।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ জুন মাহৰ পৰা ৪৩ সপ্তাহৰ দীৰ্ঘদিনীয়া প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰা তিনিটা বেটেলিয়ানৰ ৫৫৯ গৰাকী আৰক্ষী জোৱানক আজি প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তেওঁলোকৰ ভিতৰত দ্বাদশ অসম আৰক্ষী বাহিনী, জামুগুৰিহাট, শোণিতপুৰৰ ১৯৮ গৰাকী; ত্ৰয়োদশ অসম আৰক্ষী বাহিনী, লীলাবাৰী, লখিমপুৰৰ ১০২ গৰাকী; আৰু দ্বাবিংশ অসম আৰক্ষী বাহিনী, লিকাবালি, ধেমাজিৰ ২৫৯ গৰাকী কনিষ্টবলে আজি প্ৰশিক্ষণৰ সমাপ্তিৰ প্ৰমাণপত্ৰ লাভ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে আৰক্ষী জোৱানসকলৰ ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অবিহনে আমি কেতিয়াও এখন শান্তিপূৰ্ণ সমাজ কল্পনা কৰিব নোৱাৰোঁ। প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰা প্ৰতিগৰাকী আৰক্ষী জোৱানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দীক্ষান্ত সমাৰোহৰ এই পেৰেডত আজি নিৰ্ভীক, আত্মবিশ্বাসেৰে পৰিপূৰ্ণ, পৰিবৰ্তিত অসমৰ ছবি প্ৰতিফলিত হৈছে। নিজৰ চেষ্টা আৰু একাগ্ৰতাৰ বলত সম্পূৰ্ণৰূপে মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰি নিজৰ পৰিয়াল আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা নৱনিযুক্ত প্ৰাৰ্থীসকলে এতিয়া কৰ্মক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সময় বুলি মন্তব্য কৰি সততা, কৰ্তব্যপৰায়ণতা, নিয়মানুবৰ্তিতা আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্যত এশ শতাংশই উজাৰি দিবলৈ নিযুক্তিপ্ৰাপ্তসকলৰ প্ৰতি তেওঁ আহ্বান জনায়। নৱনিযুক্ত জোৱানসকলে এতিয়াৰে পৰা আইন-শৃংখলা ৰক্ষাৰে সমাজ তথা দেশৰ সুৰক্ষা আৰু নাগৰিকৰ নিৰাপত্তাৰ গুৰু দায়িত্ব নিজৰ কান্ধত তুলি ল’ব লাগিব বুলি তেওঁ মন্তব্য কৰে।
‘জনহিত জনসেৱাৰ্থে’ নিয়োজিত অসম আৰক্ষীয়ে সদায়েই ন্যায়ৰ লগত তথা দুখীয়াৰ লগত থাকিব লাগিব বুলি মন্তব্য কৰি মন্ত্ৰী সিংহলে কয় যে আৰক্ষীৰ ব্যক্তিত্ব এনেকুৱা হোৱা উচিত যাতে আৰক্ষীৰ লোক এজনক দেখিলেই সৰ্বসাধাৰণ নাগৰিকে সকাহ বোধ কৰে আৰু অপৰাধী সন্ত্ৰস্ত হয়।
এই সমাৰোহত লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, আৰক্ষী উপ-মহা পৰিদৰ্শক বিজয় কুলিগ্ৰাম, ত্ৰয়োদশ অসম পুলিচ বেটেলিয়নৰ কামাণ্ডাৰ ফকৰুল ইছলাম , ২২নং অসম পুলিচ (আই আৰ) বেটেলিয়নৰ কামাণ্ডাৰ এম আহমেদৰ লগতে আন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।