VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আগতীয়া তৎপৰতা

কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ত বৈঠক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 29, 2023
in মুখ্য সংবাদ
অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আগতীয়া তৎপৰতা
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২৮ এপ্ৰিলঃ সমাগত অম্ববাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আজি কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, মেলা আয়োজনৰ বিভিন্ন দায়িত্বত থকা বিভাগসমূহৰ বিষয়া আৰু কামাখ্যা দেৱালয়ৰ দলৈসহিতে কেবাজনো প্ৰতিনিধিৰ অংশগ্ৰহণেৰে এখন বৈঠক অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ হ’বলগীয়া অম্বুবাচী মেলা সম্পন্ন কৰাৰ বাবে বিভাগসমূহে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ মেলা আয়োজনৰ ক্ষেত্ৰত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে সকলো বিভাগ আৰু কামাখ্যা দেৱালয়ৰ মাজত সমন্বয় সাধন কৰিব৷ অতিৰিক্ত উপায়ুক্ত ড৹ হাজৰিকাই জনায় যে বিগত বৰ্ষত ভক্তৰ বাবে পাঁচটা শিবিৰ স্থাপন কৰা হৈছিল যদিও এইবাৰ শিবিৰৰ সংখ্যা বৃদ্ধিৰ চিন্তা-চৰ্চা কৰি থকা হৈছে৷ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে গুৱাহাটী পৌৰ নিগমে মেলাৰ দিনকেইটাত মন্দিৰ চৌহদ সহিতে সমগ্ৰ গুৱাহাটী মহানগৰীৰ স্বচ্ছতাৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ লগতে নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ অহা- যোৱা পথ আলোকিত কৰিব৷ জি এম ডি এই জালুকবাৰী উৰণীয়া সেতু, ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ, বালাজী মন্দিৰ, উমানন্দ মন্দিৰ, বিভিন্ন উদ্যানকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহ আলোকিত কৰাৰ দায়িত্ব পালিন কৰিব৷ স্বাস্থ্য বিভাগে কামাখ্যা মন্দিৰৰ লগতে মন্দিৰৰ নামনিৰ প্ৰৱেশ পথ আৰু ভক্ত থাকিবলগীয়া শিবিৰত স্বাস্থ্য শিবিৰ স্থাপন কৰিব৷ এ পি ডি চি এলে মেলাৰ দিনকেইটাত অবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰিব৷ বন বিভাগক কামাখ্যা মন্দিৰৰ সমীপত বিপদশংকুলভাৱে থকা গছৰ ডালবোৰ কটাৰ দায়িত্ব দিয়া হয়৷ বন বিভাগক লগতে সাপৰ বিষ নাশক দৰৱ মজুত ৰখা আৰু সাপ ধৰা মানুহ সাজু কৰি ৰাখিবলৈ কোৱা হয়৷ শিবিৰ আৰু গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ভক্ত কঢ়িয়াবৰ বাবে বাহনৰ ব্যৱস্থা অসম ৰাজ্যিক পৰিবহণ নিগমে কৰিব৷ পাহাৰৰ নামনিৰ পৰা ভক্তক মন্দিৰলৈ নিয়াৰ বাবে ফেৰী কাৰৰ ব্যৱস্থা কৰা হ’ব৷ মেলাৰ সময়ত মন্দিৰ চৌহদ আৰু ভক্তৰ বাবে স্থাপন কৰা শিবিৰত যাতে পানীৰ নাটনি নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়া হয়৷ ইয়াৰোপৰি যান-জঁট আৰু ভিৰ ব্যৱস্থাপনা, ভক্তৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ল’বলগীয়া সামগ্ৰিক পৰিকল্পনা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে গ্ৰহণ কৰিব৷ বৈঠকত অসম পৰ্যটন উন্নয়ণ নিগম, ৰে’লৱে, লোক নিৰ্মাণ, এন ডি আৰ এফ, এছ ডি আৰ এফ, স্কাউট এণ্ড গাইড আদি বিভাগসমূহকো তেওঁলোকৰ দায়িত্বসমূহ ভগাই দিয়া হয়৷

Previous Post

গুৱাহাটীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

Next Post

লখিমপুৰৰ লীলাবাৰীত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ ১১৭ সংখ্যক দলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
লখিমপুৰৰ লীলাবাৰীত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ ১১৭ সংখ্যক দলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

লখিমপুৰৰ লীলাবাৰীত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ ১১৭ সংখ্যক দলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7