বলিউদৰ ছুপাৰষ্টাৰ চলমান খান ৷ জীৱনত টকাৰ অভাৱ নাই, সফলতা, প্ৰতিপত্তিৰ অভাৱ নাই। কিন্তু প্ৰেমক হিচাপে আক্ষেপ থাকি গ’ল নেকি ছলমান খানৰ? এটাও সম্পৰ্ক সফল নহ’লেও তেওঁৰ জীৱনত সংগীৰ অভাৱ নাছিল। শ্বাহীন জাফ্ৰিৰ পৰা সংগীতা বিজলানী, ঐশ্বৰ্য ৰায়ৰ পৰা কেটৰিনা কাইফলৈকে – বলীউডৰ ‘ভাইজান’ বাৰে বাৰে তাৰকাৰ সৈতে প্ৰেমৰ সম্পর্কত আৱদ্ধ হৈছে ৷ কিন্তু কোনো এটাই সফল নহ’ল। বৰঞ্চ এই বিতৰ্কই সম্পৰ্কত অতিমাত্ৰা তিক্ততাৰ সৃষ্টি কৰিছে।
শেহতীয়াকৈ ‘আপ কি আদালত’ নামৰ টক শ্ব’ত চলমান খানে প্ৰকাশ কৰিছে আক্ষেপ ৷ ৰজত শৰ্মাই ছলমানক তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে সুধিছিল। ৰজত শর্মাই ছলমানক পোনপটীয়াকৈ প্ৰশ্ন কৰে, “এজন ব্যক্তিক আন এজনৰ বাবে এৰি, তেওঁক আন কাৰোবাৰ বাবে এৰি, মাত্ৰ যোৱা কেইবছৰমানৰ পৰা বাৰে বাৰে দৌৰি ফুৰা। মনটোৱে ক’ৰবাত ধৰি ৰাখিব নোৱাৰে নেকি?” প্ৰশ্নটোত ছলমানে হাঁহি উত্তৰ দিয়ে -, “সঁচাকৈয়ে দুখ, মই প্ৰেমত পৰিছো!”
ছলমানক সোধা হৈছিল, “এতিয়া আপোনাৰ ‘জান’ কোন?” কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিলে নেকি ?” ছলমানে উত্তৰ দিলে, “মই এতিয়া মাত্ৰ সকলোৰে ‘ভাই’।” ভাইজানৰ এই উত্তৰ শুনি দর্শকৰ মাজতো হঁহিৰ ৰগৰ উঠে ৷ অভিনেতাজনে ধেমালিতে ক’লে, “যিসকলে’জান’ বুলি মাতে, তেওঁলোকে ‘ভাই’ বুলিও কয় ৷”
বক্স অফিচত কিচি কা ভাই, কিচি জানৰ ব্যৱসায় আশা কৰাতকৈ কম। এতিয়ালৈকে ছবিখনে গ্ল’বেল বক্স অফিচত ১৫০ কোটি টকাৰ অলপ বেছি উপাৰ্জন কৰিছে। কিন্তু ব্যৱসায় যিয়েই নহওক কিয়, ছবিখনত ছলমানে অনুৰাগীৰ হৃদয় চুই গৈছে।