কৰ্ণাটকত বিধানসভাৰ বাবে প্ৰচাৰ চলাই কংগ্ৰেছে ব্যক্তিগত আক্ৰমণ কৰি অহাৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে বিদাৰৰ হুমনাবাদত অনুষ্ঠিত বিজেপিৰ বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে শেহতীয়াকৈ কৰা মন্তব্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ নেতাসকলে তেওঁৰ বিৰুদ্ধে ৯১ বাৰ ব্যক্তিগত আক্ৰমণ চলাইছে।
ইয়াৰ পাছতে মোদীয়ে কয় , ‘কেৱল মোৰ বিৰুদ্ধে নহয়, কংগ্ৰেছ নেতাসকলেও বীৰ সাৱৰকাৰ, বাবাছাহেব আম্বেদকাৰক লৈ অপমানজনক মন্তব্য কৰিছিল উল্লেখ্য যে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খৰ্গেই মোদীক বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল ৷ এই মন্তব্যৰ বাবে পাছত তেওঁ ক্ষমা বিচাৰে।
১০ মে’ত ২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৩ মে’ত ভোটগণনা কৰা হ’ব ৷ শনিবাৰৰ পৰা মোদীয়ে তাত প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে। এইবাৰ দুদিনীয়া ভ্ৰমণৰ সময়ত তেওঁ ৮টা কাৰ্যসূচীত (৬টা ৰাজহুৱা সভা আৰু ২টা ‘ৰোড শ্ব’) অংশগ্ৰহণ কৰিব ৷ বিদাৰৰ পিছত তেওঁ বিজয়পুৰত এখন ৰাজহুৱা সভাত অংশ ল’ব ৷প্ৰধানমন্ত্ৰীয়ে বিয়লি বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া ‘ৰোড শ্ব’’ত অংশগ্ৰহণ কৰিব ৷ বিজেপিৰ সূত্ৰ অনুসৰি এইবাৰ কৰ্ণাটকত মুঠ ৬বাৰ প্ৰচাৰত অংশগ্ৰহণ কৰিব মোদীয়ে। তেওঁ মুঠ ২২টা প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।