৬২ বলত ১২৪ ৰান কৰি দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চমক সৃষ্টি কৰে যশস্বী জয়ছৱালে ৷ আইপিএলত নজিৰ গঢ়ি সকলোৰে দৃষ্টি আকর্ষন কৰা এইগৰাকী ক্ৰিকেটাৰৰ জীৱন একেবাৰে সহজ নাছিল ৷ ইয়াৰ আঁৰত আছে কঠোৰ সংগ্ৰাম ৷
ক্ৰিকেটত যশস্বীৰ এই উত্থান সাধুকথাৰ দৰে। উত্তৰ প্ৰদেশৰ বাদোহী জিলাৰ সূৰিয়া অঞ্চলত জন্মগ্ৰহণ কৰিছিল যশস্বীয়ে। পিতৃ ভূপেন্দ্ৰই আগতে ৰং বিক্ৰী কৰিছিল। মা কাঞ্চনে ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাইছিল। চাৰিটা সন্তান ডাঙৰ-দীঘল কৰাৰ পিছত যশস্বীক ক্ৰিকেটাৰ কৰি তোলাৰ খৰচ বহন কৰাটো অসম্ভৱ হৈ পৰিছিল। কিন্তু নাচোৰবান্দা যশস্বীয়ে দেউতাকক মুম্বাইলৈ আহিবলৈ পতিয়ন নিয়াইছিল। দহ বছৰ বয়সতে তেওঁ মুম্বাইলৈ গুচি আহে। তেওঁৰ সপোন আছিল ক্ৰিকেটাৰ হোৱাৰ। তেওঁ প্ৰথমে দোকান এখনত কাম কৰিছিল জীৱন নিৰ্বাহৰ বাবে। কিন্তু অনুশীলনত ইমান সময় ব্যস্ত থাকিবলগীয়া হ’ল যে দোকানৰ বাবে সময় নাছিল। কাম কেইদিনমানৰ ভিতৰতে এৰিবলগীয়া হয় ৷
ইয়াৰ পাছতো তেওঁ অনুশীলন বন্ধ নকৰিলে ৷ কিন্তু সপোন পূৰণ কৰিবলৈ টকাৰ প্ৰয়োজন। মুম্বাইৰ আদাজ ময়দানত তেওঁ গোলগপ্পা বা ফুচকা বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। সময় উলিয়াই ক্ৰিকেটৰ অনুশীলনৰ সময় বৃদ্ধি কৰে ৷ নিশা কটাইছিল তম্বুত ৷ য’ত বিজুলী নাছিল, খোৱাপানীও নাছিল। ক্ৰিকেটাৰ হোৱাৰ সপোনৰ আগত যেন সেয়া আছিল তুচ্ছ ৷
ৰোহিত শৰ্মাৰ বলিং ধ্বংস কৰা যশস্বৱীৰ ওপৰত হঠাতে জ্বালা সিঙৰ দৃষ্টি পৰে। জ্বালাই তেওঁক নিজৰ ঘৰলৈ লৈ আহিল। বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে। সেইটোৱেই আৰম্ভণি। যশস্বীয়ে পিছলৈ ঘূৰি চাব লগীয়া নহ’ল ।
মুম্বাইৰ ছান্টাক্ৰুজত জ্বালা সিঙৰ নিজা একাডেমী আছে। তাৰ পিছত যশস্বীয়ে তাতেই নিজৰ অনুশীলন আৰম্ভ কৰিলে। তেওঁৰ এই প্ৰচেষ্টা বিফল নহ’ল। ২০১৫ চনত স্কুল ক্ৰিকেটত তেওঁৰ ৩১৯ ৰান আৰু ১৩ উইকেটৰ ইনিংছত ৯৯ ৰান সংগ্ৰহ কৰি লিমকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। সুযোগ আহে ভাৰতৰ ১৬ বছৰ অনুৰ্ধ দললৈ। লাহে লাহে ১৯ বছৰ অনুৰ্ধ দলত স্থান দখল কৰে। তাৰ পিছত ২০২০ চনত যুৱ বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ। মেচ বিজয়ী শতক আৰু ছেমি ফাইনেলত চাৰিটা অৰ্ধশতকৰ অবিশ্বাস্য ধাৰা। কালি আইপিএলৰ মেচত শতক অর্জন কৰি যশস্বীয়ে মেন অৱ দ্যা মেচৰ খিতাপ লাভ কৰে ৷