বলিউডৰ কিং শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান ৷ সকলোৱে ভাবে যে পিতৃৰ আদর্শেৰে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰিব ৷ ইতিমধ্যে আৰিয়ানে বিনোদনৰ জগতখনত নিজকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু অভিনেতা হিচাপে নহয়, পৰিচালক হিচাপে। ইতিমধ্যে ই তেওঁৰ প্ৰথমখন চিত্ৰনাট্যৰ কাম আৰম্ভ কৰিছে। কিন্তু সেই চিত্ৰনাট্যখনে সম্পূর্ণ ছবিৰ ৰূপ পাবলৈ যথেষ্ট সময় আছে ৷ তাৰ আগতে আৰিয়ানে নিজাকৈ কাপোৰৰ ব্ৰেণ্ড মুকলি কৰিছিছে ৷‘লাক্সাৰী ষ্ট্ৰীটৱেৰ’ ব্ৰেণ্ডটোক ‘ডি’য়াভাল এক্স’ বুলি নামাকৰণ কৰা হৈছে। ৩০ এপ্ৰিলত কোম্পানীটোৰ প্ৰথম= সাজ-পোছাক উন্মোচন কৰা হয়। অৱশ্যে ব্ৰেণ্ডটোৰ কাপোৰ যথেষ্ট দামী । এটা টি-চাৰ্টৰ দাম ২৪ হাজাৰ টকা! জেকেট এটা কিনিবলৈ প্ৰায় দুই লাখ টকা খৰচ কৰিব লাগিব ৷
জুনিয়ৰ খানে ‘ডি’য়াভাল এক্স’ ৰ জৰিয়তে পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এই দিশৰ পৰা শ্বাহৰুখ খানে তেওঁৰ সৈতে পুত্ৰৰ প্ৰথম কামত টিম আপ কৰি সুখী আৰু গৌৰৱান্বিত। ছ’চিয়েল মিডিয়াতো পুত্ৰৰ ছবি পোষ্ট কৰে শ্বাহৰুখে । শেহতীয়াকৈ এটা সাক্ষাৎকাৰত আৰিয়ানে কয় যে তেওঁৰ পিতৃৰ সৈতে কাম কৰাটো তেওঁৰ বাবে কঠিন নহয়। তেওঁ কয়, দেউতাকৰ কৰ্ম অভিজ্ঞতাৰ বাবে চেটত বাকীসকলৰ কাম বহুত সহজ হৈ পৰিল। কিন্তু পিতৃৰ দৰে কেমেৰাৰ সন্মুখত কাম কৰাৰ কোনো পৰিকল্পনা নাই বুলি আৰিয়ানে প্ৰকাশ কৰে । বৰঞ্চ ভৱিষ্যতেও পৰিচালক হিচাপে আগবাঢ়ি যাব বিচাৰে।