ৰ’জভেলী কেলেংকাৰীত এনফর্চমেণ্ট সঞ্চালকালয়ে (ইডি) জব্দ কৰিলে কেইবা কোটি টকাৰ সম্পত্তি। জব্দ কৰা হৈছে ৰ’জভেলী গ্ৰুপ অৱ কোম্পানী আৰু ইয়াৰ প্ৰমোটাৰৰ ৫৪ কোটিতকৈ অধিক মূল্যৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি। জব্দ কৰা সম্পত্তিৰ ভিতৰত আছে ৰ’জভেলী কৰ্ণধৰ গৌতম কুণ্ডু আৰু তেওঁৰ পত্নী শুভ্ৰাৰ নামত থকা বীমা পলিচি। মঙলবাৰে ইডিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই কেলেংকাৰীত এতিয়ালৈকে মুঠ ১১৭১.৭১ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে।
২০০২ চনত বিত্তীয় জালিয়াতি আইন অনুসৰি অবৈধ বিনিয়োগ সংস্থা ৰোজভেলীৰ সম্পত্তি জব্দ কৰা হয় বুলি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে। ৫৪ কোটিৰো অধিক মূল্যৰ নতুনকৈ জব্দ কৰা সম্পত্তিৰ ভিতৰত আছে পশ্চিম বংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, বিহাৰৰ কেইবাটাও ঘৰ আৰু মাটি।
২০১৫ চনৰ মাৰ্চ মাহত ইডিয়ে ৰ’জভেলীৰ কৰ্ণধৰ গৌতম কুণ্ডুক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান কাৰাগাৰত আছে গৌতম। ইয়াৰ পিছত তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে তদন্তকাৰীয়ে ইটোৰ পিছত সিটোকৈ তথ্য লাভ কৰা বুলি দাবী কৰি আহিছে ৷গৌতমৰ লগতে তেওঁৰ পত্নী শুভ্ৰ কুণ্ডুকো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক গ্ৰেপ্তাৰ কৰে আন এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। ইয়াৰ পূৰ্বে ৰ’জভেলী গোচৰত একাধিক সম্পত্তি জব্দ কৰা হৈছিল। তদন্তকাৰীয়ে পূৰ্বেও এই গোচৰৰ কেইবাজনো লোকক সোধা-পোছা কৰিছিল। যাৰ ভিতৰত দুজন টলিউডৰ অভিনেতাকো সোধা-পোছাৰ বাবে মাতি অনা হৈছিল।
গৌতমৰ গ্ৰেপ্তাৰৰ পিছত তদন্তকাৰীয়ে তেওঁৰ বিশাল সম্পত্তিৰ সন্ধানত তদন্ত আৰম্ভ কৰে ৷ ইয়াৰ পূৰ্বে গৌতমৰ কেইবাখনো বিলাসী বিদেশী গাড়ী জব্দ কৰা হৈছিল। তদন্তকাৰীয়ে জনোৱা মতে, সেই গাড়ীবোৰৰ মূল্য প্ৰায় ২৭ কোটি টকা। ইডিৰ তথ্য অনুসৰি জব্দ কৰা ৰ’জভেলীৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ বৰ্তমান বজাৰ মূল্য ২৫০ কোটি টকা।