আগশাৰীৰ বিভিন্ন তথ্য প্ৰযুক্তি কোম্পানীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। ফলত শ্ৰমিকৰ ওপৰত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰাটো নিশ্চিত হৈ পৰিছে ৷ বহু শ্ৰমিক নিবনুৱা হোৱাৰ দিশেৰে আগবাঢ়িছে ৷ তেনে এটা বিখ্যাত আই টি কোম্পানী আই বি এম এইবাৰ সেই পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত কৰিছিল। নতুন কৰ্মচাৰী নিযুক্তি বন্ধ কৰাই নহয়, কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি তাৰ পৰিৱৰ্তে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ধাৰণা আৰম্ভ হৈছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে ৷
প্ৰতিবেদন অনুসৰি আই বি এমৰ এজন শীৰ্ষ কাৰ্যবাহী অৰবিন্দ কৃষ্ণই এক সাক্ষাৎকাৰত কয় যে কর্মচাৰীৰ নিযুক্তি বন্ধ কৰিবলৈ চিন্তা চর্চা কৰা হৈছে ৷ ৷ অনাগত দিনত কমেও ৭৮০০ কর্মচাৰীৰ সলনি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা হ’ব ৷ বিগত কেইবছৰমানৰ পৰা আন্তঃৰাষ্ট্ৰীয় আই টি কোম্পানীসমূহে লাখ লাখ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। শেহতীয়াকৈ আমাজনেও কেইবাজনো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। য’ত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে। আই বি এমেও একে পথেই অনুসৰণকৰিব । চলিত বৰ্ষৰ আৰম্ভণিতে কোম্পানীটোৱে ঘোষণা কৰিছিল যে খৰচ কমাবলৈ অতি সোনকালে ৪ হাজাৰ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।
এক সাক্ষাৎকাৰত আই বি এমৰ চি ই অ’ অৰবিন্দ কৃষ্ণই কয়, ‘অহা পাঁচ বছৰৰ ভিতৰত কোম্পানীটোৰ ৩০ শতাংশ কাম কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৰা হ’ব। ২৬ হাজাৰ শ্ৰমিকে আই বি এমত কাম কৰে। তেনে ক্ষেত্ৰত ৭,৮০০ লোক স্থানচ্যুত হ’ব আৰু কৃত্ৰিম বুদ্ধিমত্তাই সেই ঠাই ল’ব!” কোম্পানীটোৰ নিজা ২৬,০০০ কৰ্মচাৰীৰ উপৰিও আই বি এম-এ চফট্ ৱেৰ ডেভেলপমেণ্ট আৰু গ্ৰাহক সেৱাৰ বাবে বহু কৰ্মচাৰী নিযুক্তি দিয়ে। চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দৰেই প্ৰথম তিনিমাহত ৭ হাজাৰ শ্ৰমিকক নিযুক্তি দিয়া হৈছে বুলি দাবী কৰিছে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।