মহাৰাষ্ট্ৰৰ প্ৰবীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে তেওঁ প্ৰতিষ্ঠা কৰা ‘নেচনেল কংগ্ৰেছ পাৰ্টি’(এনচিপি)ৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে। অৱশ্যে তেওঁৰ ঠাইত কোনে এই দায়িত্ব গ্ৰহণ কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। পাৱৰে তেওঁৰ আত্মজীৱনীৰ দ্বিতীয় সংস্কৰণৰ উন্মোচনী অনুষ্ঠানত এই কথা ঘোষণা কৰে । তেওঁৰ ঘোষণাই অনুগামীসকল স্তম্ভিত কৰি তোলে ৷
‘লোক মাজে সংগতি’ – শৰদ পাৱাৰৰ আত্মজীৱনীৰ দ্বিতীয় সংস্কৰণ মুম্বাইত উন্মোচন কৰা হয়। তাতে তেওঁ কয়, “মই এন চি পিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো।”এই কথা শুনি প্ৰেক্ষগৃহত হুলস্থুলৰ সৃষ্টি হয়।
মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অন্যতম ব্যক্তিত্ব পাৱৰে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি মন্তব্য কৰে। দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত বহু যুদ্ধত লিপ্ত হোৱা নেতা পাৱাৰে কয় যে এন চি পিৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰাৰ পিছতো ৰাজনীতিৰ পৰা বিদায় লোৱাৰ কোনো উদ্দেশ্য নাই।
পাৱাৰে কয়, “ৰাজ্যসভাত মোৰ এতিয়াও তিনি বছৰ বাকী আছে। তেতিয়াৰ পৰা মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো। এই তিনি বছৰত মই দেশ আৰু ৰাজ্যৰ হকে অধিক কাম কৰিম। কোনো নতুন দায়িত্ব লোৱাৰ ইচ্ছা নাই। মই মোৰ সহকৰ্মীসকলক ক’ব বিচাৰো যে সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছতো মই ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰাৰ কথা চিন্তা কৰা নাই। মই আপোনালোকৰ লগত থাকিম।“