ফেশ্বন জগতৰ আটাইতকৈ ডাঙৰ ইভেণ্ট হৈছে মেট গালা। মে’ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হয় মেট গালা। এই অনুষ্ঠানলৈ আহিছিল বিশ্বৰ সকলো শীৰ্ষ তাৰকা। প্ৰিয়ংকা চোপ্ৰা এই অনুষ্ঠানলৈ আমন্ত্ৰিত হোৱা প্ৰথমগৰাকী ভাৰতীয় তাৰকা। তাৰ পিছত দুবাৰকৈ দীপিকা পাডুকনক নিমন্ত্ৰণ কৰা হৈছিল। এইবাৰ মেট গালাত অভিষেক ঘটিছে আলিয়া ভাটে। মেট গালাৰ ৰেড কাৰ্পেটত ভাৰতৰ তাৰকা প্ৰিয়ংকা আৰু আলিয়াই ফটোগ্ৰাফাৰৰ দৃষ্টি আকৰ্ষণ কৰে। ঠিক আলিয়াৰ মুকুতাৰে ঢাকি থোৱা গাউনটোৰ দৰেই প্ৰিয়ংকাৰ হীৰাৰ হাৰেও চকু কপালত তুলিছে। মেট গালা অনুষ্ঠানৰ পিছত এই বুলগেৰিয়ান হীৰাৰ হাৰ নিলামৰ বাবে ৰখা হৈছে ৷ কিমান মূল্যত বিক্ৰী হ’ব সেই কথা শুনি আপুনি আচৰিত হ’ব।
চেইনৰ দৰে ডিজাইন, এই নেকেলেচ সৰু সৰু হীৰাৰে তৈয়াৰ কৰা হৈছে। মাজৰ ডাঙৰ লকেটটো প্ৰায় ১১ কেৰেটৰ হীৰাৰে তৈয়াৰ কৰা এই হীৰাৰ হাৰৰ মূল্য প্ৰায় ২০৪ কোটি। অৱশ্যে বিখ্যাত কাপোৰ কোম্পানী ভেলেন্টিনোৰ হাই স্লিট ক’লা গাউন পিন্ধিছিল অভিনেত্ৰীগৰাকীয়ে। প্ৰতিবাৰৰ দৰেই প্ৰিয়ংকাক স্বামী নিক জ’নাছৰ সৈতে মেট গালাৰ মঞ্চত দেখা গৈছিল।
প্ৰিয়ংকা বৰ্তমান পৃথিৱীৰ অন্যতম ব্যস্ত তাৰকা। ইটোৰ পিছত সিটো শ্বুটিং, ব্যস্ত ৷ হলিউডৰ অন্যতম ব্যয়বহুল ৱেব ছিৰিজৰ মূল চৰিত্ৰও তেওঁ। মাৰ্ভেলৰ বিখ্যাত ৰুছ’ ব্রাদাৰ্ছৰ সৈতে ‘চিটাডেল’ ছিৰিজত কাম কৰিছিল প্ৰিয়ংকাই। ‘গেম অৱ থ্ৰ’নছ’-বিখ্যাত অভিনেতা ৰিচাৰ্ড মেডেনে তেওঁৰ সৈতে অভিনয় কৰিছে। এক কথাত ক’বলৈ গ’লে সফলতাৰ শিখৰত উপনীত হৈছে ‘দেশী গাৰ্ল’।