ঋতু পৰ্ণ শৰ্মা,নগাঁও,২মে’:- মৰিগাঁও জিলাৰ বৰচিলা নিবাসী বিশিষ্ট কবি তথা সমাজ সংগঠক ৰমেশ বৰদলৈক চলিত বৰ্ষৰ অসম সুৰভি বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে । অসম কলা কৃষ্টি পৰিষদৰ সভাপতি ৰাজীৱ আহমেদ আৰু সম্পাদক বৰষা কাশ্যপে এক বিজ্ঞপ্তিযোগে জনাইছে যে অসম কলা কৃষ্টি পৰিষদে বিগত বছৰসমূহৰ দৰে চলিত অসম সুৰভি বঁটা প্ৰদানৰ কাৰণে ৰাজ্যখনৰ সাহিত্য- সংস্কৃতিৰ লগত জড়িত ব্যক্তি সকলৰ সন্ধান অব্যাহত ৰখাৰ সময়তে চলিত বৰ্ষৰ কাৰণে মৰিগাঁও জিলাৰ বৰচিলাৰ বিশিষ্ট কবি ৰমেশ বৰদলৈক নিৰ্বাচন কৰিছে ।
অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী আঁকবাঁকে প্ৰকাশ কৰি উলিওৱা “নৈৰ তেজাল বুকু” শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে কবি বৰদলৈয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই বঁটা প্ৰাপকক মানপত্ৰ,স্মাৰক,শৰাই,গামোচা, গ্ৰন্থৰ টোপোলা আদিৰ লগতে নগদ ধনৰে পুৰস্কৃত কৰা হয় । উল্লেখ্য যে কলা কৃষ্টি পৰিষদৰ দ্বাৰা অহা ৬ মে’ত দিছপুৰস্থিত গড়কাপ্টানী সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত সভাত ৰমেশ বৰদলৈক এই বঁটা প্ৰদান কৰা হ’ব ।