ভাৰতীয় মূলৰ অজয় বাংগা বিশ্ব বেংকৰ শীৰ্ষত পদত অধিষ্ঠিত হৈছে ৷ বুধবাৰে বিশ্ব বেংকৰ ২৫ জনীয়া কাৰ্যবাহী ব’ৰ্ডে ভাৰতীয়-আমেৰিকান অজয়ক সংস্থাটোৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে।
যোৱা ফেব্ৰুৱাৰী মাহত অজয়ক বিশ্ব বেংকৰ মুৰব্বী হিচাপে মনোনীত কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। বুধবাৰে সংগঠনটোৰ কাৰ্যবাহী পৰিষদে আনুষ্ঠানিকভাৱে ইয়াৰ বাবে অনুমতি প্ৰদান কৰে। এইবাৰ বিশ্ব বেংকৰ অধ্যক্ষ হিচাপে ভাৰতীয় মূলৰ এজনক নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে অজয় ‘জেনেৰেল আটলাণ্টিক’ নামৰ এটা ষ্টক ট্ৰেডিং কোম্পানীৰ উপাধ্যক্ষ আছিল। ইয়াৰ পূৰ্বেও তেওঁ মাষ্টাৰকাৰ্ডৰ চিইঅ’ পদত অধিষ্ঠিত হৈছিল। ২০১৬ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।
সাধাৰণতে আমেৰিকাই বিশ্ব বেংকৰ শীৰ্ষ কাৰ্যবাহীক নিৰ্বাচন কৰে। আই এম এফৰ ক্ষেত্ৰত ইউৰোপীয় সংঘই কৰে। এক সাক্ষাৎকাৰত আমেৰিকাৰ কোষাগাৰ সচিব জেনেট য়েলেনে দাবী কৰে যে বিশ্ব বেংকৰ শীৰ্ষ পদৰ বাবে অজয় আটাইতকৈ যোগ্য প্ৰাৰ্থী। আমেৰিকা বিশ্ব বেংকৰ সৰ্ববৃহৎ অংশীদাৰ। তেওঁলোকৰ ভোটাধিকাৰ ১৬.৩৫ শতাংশ। কোম্পানীটোৰ অধ্যক্ষ গৰাকীয়ে আমেৰিকাৰ ট্ৰেজাৰীৰ সৈতেও ঘনিষ্ঠভাৱে কাম কৰে।
৬৩ বছৰীয়া অজয়ৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ পুনেত। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতি বিষয়ত তেওঁ স্নাতক। পিছত আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ পৰা এম বি এ কৰে। তেওঁ নেচলে ইণ্ডিয়াৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ চিটি বেংকতো কাম কৰিছিল।
১৯৯৬ চনত অজয়ে আমেৰিকালৈ যায়। তাতেই তেওঁ পেপচিকো কোম্পানীত যোগদান কৰে। ১৩ বছৰ ধৰি সেই সংগঠনত কাম কৰি আছিল। তেওঁ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি কেইবাটাও পদত অধিষ্ঠিত হৈছে। ২০০৯ চনত অজয়ে মাষ্টাৰকাৰ্ডৰ অধ্যক্ষ আৰু মুখ্য পৰিচালন বিষয়াৰ দায়িত্ব গ্ৰহণ কৰে। পিছলৈ সেই কোম্পানীটোৰ চিইঅ’ হৈছিল তেওঁ। তেওঁৰ নেতৃত্বতেই মাষ্টাৰকাৰ্ড বিশ্ব বজাৰলৈ সম্প্ৰসাৰণ ঘটিছিল। ‘ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিল’, ‘আমেৰিকা-ইণ্ডিয়া চিইঅ’ ফ’ৰাম’ আদি অলাভজনক সংস্থাৰ সদস্যও আছিল বাংগা ।