VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত ভাৰতীয় মূলৰ ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 4, 2023
in অৰ্থনীতি
বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত  ভাৰতীয় মূলৰ  ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মূলৰ অজয় ​​বাংগা বিশ্ব বেংকৰ শীৰ্ষত পদত অধিষ্ঠিত হৈছে ৷  বুধবাৰে বিশ্ব বেংকৰ ২৫ জনীয়া কাৰ্যবাহী ব’ৰ্ডে ভাৰতীয়-আমেৰিকান অজয়ক সংস্থাটোৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে।

 

যোৱা ফেব্ৰুৱাৰী মাহত অজয়ক বিশ্ব বেংকৰ মুৰব্বী হিচাপে মনোনীত কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। বুধবাৰে সংগঠনটোৰ কাৰ্যবাহী পৰিষদে আনুষ্ঠানিকভাৱে ইয়াৰ বাবে অনুমতি প্ৰদান কৰে। এইবাৰ বিশ্ব বেংকৰ অধ্যক্ষ হিচাপে ভাৰতীয় মূলৰ এজনক নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে অজয় ​​‘জেনেৰেল আটলাণ্টিক’ নামৰ এটা ষ্টক ট্ৰেডিং কোম্পানীৰ উপাধ্যক্ষ আছিল। ইয়াৰ পূৰ্বেও তেওঁ মাষ্টাৰকাৰ্ডৰ চিইঅ’ পদত অধিষ্ঠিত হৈছিল। ২০১৬ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।

 

সাধাৰণতে আমেৰিকাই বিশ্ব বেংকৰ শীৰ্ষ কাৰ্যবাহীক নিৰ্বাচন কৰে। আই এম এফৰ ক্ষেত্ৰত ইউৰোপীয় সংঘই কৰে। এক সাক্ষাৎকাৰত আমেৰিকাৰ কোষাগাৰ সচিব জেনেট য়েলেনে দাবী কৰে যে বিশ্ব বেংকৰ শীৰ্ষ পদৰ বাবে অজয় ​​আটাইতকৈ যোগ্য প্ৰাৰ্থী। আমেৰিকা বিশ্ব বেংকৰ সৰ্ববৃহৎ অংশীদাৰ। তেওঁলোকৰ ভোটাধিকাৰ ১৬.৩৫ শতাংশ। কোম্পানীটোৰ অধ্যক্ষ গৰাকীয়ে আমেৰিকাৰ ট্ৰেজাৰীৰ সৈতেও ঘনিষ্ঠভাৱে কাম কৰে।

 

৬৩ বছৰীয়া অজয়ৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ পুনেত। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতি বিষয়ত  তেওঁ স্নাতক। পিছত আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ পৰা এম বি এ কৰে। তেওঁ নেচলে ইণ্ডিয়াৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ চিটি বেংকতো কাম কৰিছিল।

 

১৯৯৬ চনত অজয়ে আমেৰিকালৈ যায়। তাতেই তেওঁ পেপচিকো কোম্পানীত যোগদান কৰে। ১৩ বছৰ ধৰি সেই সংগঠনত কাম কৰি আছিল। তেওঁ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি কেইবাটাও পদত অধিষ্ঠিত হৈছে। ২০০৯ চনত অজয়ে মাষ্টাৰকাৰ্ডৰ অধ্যক্ষ আৰু মুখ্য পৰিচালন বিষয়াৰ দায়িত্ব গ্ৰহণ কৰে। পিছলৈ সেই কোম্পানীটোৰ চিইঅ’ হৈছিল তেওঁ। তেওঁৰ নেতৃত্বতেই মাষ্টাৰকাৰ্ড বিশ্ব বজাৰলৈ সম্প্ৰসাৰণ ঘটিছিল। ‘ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিল’, ‘আমেৰিকা-ইণ্ডিয়া চিইঅ’ ফ’ৰাম’ আদি অলাভজনক সংস্থাৰ সদস্যও আছিল ​​বাংগা ।

Previous Post

৯ বছৰৰ পাছত ভাৰতত পাকিস্তানৰ শীর্ষ নেতা, গোৱাত উপস্থিত পাক বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো

Next Post

ৰিয়েল পৰাস্ত, আৰু এখন মেচ জয়ী হ’লেই লা-লিগা বাৰ্চিলোনাৰ

Related Posts

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
দেউলীয়া হোৱাৰ দিশে  স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান
অৰ্থনীতি

দেউলীয়া হোৱাৰ দিশে স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান

May 3, 2023
কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি
অৰ্থনীতি

কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি

May 3, 2023
আই বি এমত কৰ্মচাৰী নিযুক্তি বন্ধ,  কৃত্ৰিম বুদ্ধিমত্তাৰে চলিব কাম –কাজঃ চাটাই হ’ব ৭,৮০০ কর্মচাৰী
অৰ্থনীতি

আই বি এমত কৰ্মচাৰী নিযুক্তি বন্ধ, কৃত্ৰিম বুদ্ধিমত্তাৰে চলিব কাম –কাজঃ চাটাই হ’ব ৭,৮০০ কর্মচাৰী

May 2, 2023
Next Post
ৰিয়েল পৰাস্ত, আৰু এখন মেচ জয়ী হ’লেই লা-লিগা বাৰ্চিলোনাৰ

ৰিয়েল পৰাস্ত, আৰু এখন মেচ জয়ী হ’লেই লা-লিগা বাৰ্চিলোনাৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7