দীপিকা পাডুকন, প্ৰিয়ংকা চোপ্ৰা বা আলিয়া ভাটৰ দৰে হলিউডৰ দৌৰত তেওঁ নাই। স্বামী, পৰিয়াল আৰু কন্যাৰ সৈতে ঘৰতে সুখী অভিনেত্ৰী অনুষ্কা শৰ্মা। বিৰাট কোহলীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰা ছবিত অভিনয়ৰ প্ৰতি অতি সাৱধানতা অৱলম্বন কৰি আহিছে। নিৰ্বাচিতভাৱে তেওঁ কাম কৰি আহিছে । তেওঁৰ বেছিভাগ সময় কটায় কন্যা ভামিকাৰ সৈতে ৷ইয়াৰ মাজতে এটা ভাল খবৰ আহিল। ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে এই খবৰ দিছে। অনুষ্কা শৰ্মাক এইবাৰ ৭৬ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত দেখা যাব। যোৱাবাৰ কান চলচ্চিত্ৰ মহোৎসৱত জুৰী ব’ৰ্ডৰ সদস্য আছিল দীপিকা। ঐশ্বৰ্য ৰায় বচ্চন আৰু সোণম কাপুৰে বহু বছৰ ধৰি প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কানৰ ৰেড কার্পেটত খোজ কাঢ়ি আহিছে ৷
শেহতীয়াকৈ ফ্ৰান্সৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ সৈতে এখন ছবি পোষ্ট কৰি লিখিছে, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক লগ পাই বৰ ভাল লাগিল। আগন্তুক প্ৰতিযোগিতাখনৰ বাবে টিম ইণ্ডিয়ালৈ সকলোৰে শুভেচ্ছা জনালোঁ। আৰু অনুষ্কালৈ তেওঁৰ কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে শুভেচ্ছা।
১৭ মে’ৰ পৰা আৰম্ভ হ’ব কান চলচ্চিত্ৰ মহোৎসৱ। তাত চলচ্চিত্ৰ জগতৰ সৈতে জড়িত মহিলাসকলক সন্মান জনোৱা হ’ব। এই বঁটা প্ৰদান কৰিব অনুষ্কা আৰু হলিউডৰ বিখ্যাত অভিনেত্ৰী কেট উইন্সলেটে। এই উৎসৱ ২৩ মে’লৈকে চলি থাকিব। অনুষ্কাৰ এয়া প্ৰথম কান ভ্ৰমণ। নিঃসন্দেহে ইয়াৰ জৰিয়তে অভিনেত্ৰীগৰাকীৰ সফলতাৰ মুকুটত আৰু এটা নতুন পাখি সংযোজন হ’ল ৷