পাকিস্তানত বন্দুকধাৰীৰ আক্ৰমণত চাৰিজন শিক্ষকসহ কমেও ৭জন লোক নিহত হৈছে। উত্তৰ-পশ্চিম পাকিস্তানৰ খুৰৰাম জিলাৰ তাৰী মংগল হাইস্কুলত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। বিদ্যালয় কৰ্তৃপক্ষৰ মতে, বন্দুকধাৰীয়ে শিক্ষকৰ কোঠাত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। ৭ জন লোকৰ মৃত্যু হয় । গুলীচালনাত কেইবাজনো লোক আহত হয়। আহত কেইবাজনৰো অৱস্থা সংকটজনক।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আক্ৰমণৰ খবৰ পাই যেতিয়া আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়, তেতিয়া তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হয়। ফলত তিনিজন আৰক্ষী বিষয়া আহত হয়। ইয়াৰ পিছতে বন্দুকধাৰীয়ে পলায়ন কৰে।
পাকিস্তানৰ শিক্ষা মন্ত্ৰালয়ৰ এগৰাকী বিষয়া ছামিনা আলতাফে সংবাদ মাধ্যমৰ আগত কয় যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কোনো আক্ৰমণ হোৱা নাই আৰু তেওঁলোক সুৰক্ষিত। স্থানীয় খবৰ অনুসৰি যেতিয়া বন্দুকধাৰীয়ে বিদ্যালয়ত প্ৰৱেশ কৰে তেতিয়া পৰীক্ষা চলি আছিল।
আফগানিস্তানৰ সীমান্তৱৰ্তী গ্ৰাম্য অঞ্চলত স্কুলত হোৱা গুলীচালনাৰ সময়ত সঠিকভাৱে কি হৈছিল, বা কিয় আক্ৰমণ সংঘটিত হৈছিল সেই সম্পৰ্কে সবিশেষ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়েও এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান কৰা নাই ৷
বৃহস্পতিবাৰে পুৱা খুৰৰাম জিলাত গাড়ী চলাই থকা অৱস্থাত এজন যুৱকক গুলীয়াই হত্যা কৰা হয়। তেওঁ একেখন বিদ্যালয়ৰ কৰ্মচাৰী বুলি অনুমান কৰা হৈছে। এই দুটা ঘটনাৰ মাজত কোনো সম্পৰ্ক থাকিব পাৰে বুলি প্ৰথমতে আৰক্ষী বিষয়াসকলে সন্দেহ কৰিছে ৷