কাশ্মীৰত আন এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে । শুকুৰবাৰে ৰাজৌৰী ছেক্টৰত উগ্ৰপন্থীৰ আক্ৰমণত দুজন সেনা জোৱান নিহত হয়। গুৰুতৰভাৱে আহত ৪ গৰাকী সেনা জোৱান চিকিৎসাধীন হৈ আছে।
সেনাৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা ৰাজৌৰী খণ্ডৰ অন্তৰ্গত কান্দি বনাঞ্চলত সন্ত্ৰাস বিৰোধী অভিযান চলাই আছিল। সেই সময়ত জোৱানসকলৰ ওপৰত বোমা নিক্ষেপ কৰা হয় । বিস্ফোৰণত থিতাতে মৃত্যু হয় দুজন জোৱানৰ। আহত হয় চাৰিজন লোক।
এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ সূত্ৰৰ পৰা তথ্য লাভ কৰি সেই অৰণ্যত এক বিশেষ অভিযান চলাই আছিল। উগ্ৰপন্থীৰ একাংশ সৰু সৰু গোটত বিভক্ত হৈ অৰণ্যত আশ্ৰয় লোৱাৰ খবৰ আহিছিল। ইয়াৰ পিছতে ঘন বনাঞ্চলত সেনাই অভিযান আৰম্ভ কৰে। পুৱা প্ৰায় ৭:৩০ বজাত সেনাবাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘর্ষ আৰম্ভ হয় । হঠাৎ উগ্ৰপন্থীয়ে সেনাবাহিনীৰ ওপৰত বোমা নিক্ষেপ কৰি হাবিলৈ পলায়ন কৰে। উধামপুৰৰ কমাণ্ড হাস্পতালত আহত সেনা জোৱানসকল চিকিৎসাধীন হৈ আছে। সেই অঞ্চলত নতুন অভিযান চলাব বুলিও সেনাই অৱগত কৰিছে।