কেন্দ্ৰীয় চৰকাৰে কর্মচাৰীসকলৰ বাবে সুখবৰ ৷ বৃদ্ধি কৰা হ’ব কেন্দ্ৰীয় কর্মচাৰীৰ মৰগীয়া বানচ ৷ ইয়াৰ পূর্বে মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ মৰগীয়া বানচ (ডি এ) ৪ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে বৃদ্ধি পোৱা দৰমহা লাভ কৰিবলৈ আৰম্ভ কৰিছে। পেঞ্চনাৰ বৰ্ধিত পেঞ্চনৰ হিচাপও চলি আছে। কিন্তু দুমাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে পুনৰ কৰ্মচাৰীৰ ডি এ ৩ৰ পৰা ৪ শতাংশলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সূত্ৰ অনুসৰি, ১ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক বৰ্ধিত হাৰত ডি এ দিয়া হ’ব পাৰে।
দাম বৃদ্ধিৰ ক্ষতিপূৰণ হিচাপে কর্মৰত আৰু পেঞ্চনাৰ চৰকাৰী কৰ্মচাৰীক চৰকাৰে ডি এ প্ৰদান কৰে । নিয়ম অনুসৰি বছৰত দুবাৰকৈ ডি এ সংশোধন কৰা হয় – জানুৱাৰী আৰু জুলাইত। দৰমহা পোৱা কৰ্মচাৰীক মৌলিক দৰমহাৰ ভিত্তিত ডি এ আৰু বেচিক পেঞ্চনত পেঞ্চনাৰক ডি এ প্ৰদান কৰা হয়।
কেন্দ্ৰই শেষবাৰৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহত ডি এ ৪ শতাংশ বৃদ্ধি কৰিছিল। ১ জানুৱাৰীৰ পৰা এই ডিএ কাৰ্যকৰী হ’ব বুলিও ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪২ শতাংশ হাৰত ডি এ লাভ কৰে।
জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব পৰা সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি এতিয়া ডি এ আৰু ৩-৪ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই কথা একাংশ সূত্ৰই কয়। প্ৰতিবেদন অনুসৰি বৰ্তমান দেশত মুঠ ৪৭.৫৮ লাখ দৰমহাপ্ৰাপ্ত আৰু ৬৯.৭৬ লাখ পেঞ্চনাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে।