VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউনিচেফৰ সৈতে কাম নকৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ শিশু অধিকাৰ সংস্থা এনচিপিচিআৰে , কি কাৰণত দিলে এই নির্দেশ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 6, 2023
in মুখ্য সংবাদ
ইউনিচেফৰ সৈতে কাম নকৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ শিশু অধিকাৰ সংস্থা এনচিপিচিআৰে , কি কাৰণত দিলে এই নির্দেশ ?
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ শীৰ্ষ শিশু অধিকাৰ সংস্থা ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ(এনচিপিচিআৰ)-এ ৰাষ্ট্ৰসংঘৰ শিশু জৰুৰীকালীন পুঁজি (ইউনিচেফ)ৰ সৈতে কাম নকৰিবলৈ ৰাজ্য চৰকাৰসমূহক নির্দেশ দিছে ৷ তেওঁলোকে দাবী  কৰিছে যে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে “নিজৰ পৰিসৰৰ বাহিৰৰ” কাৰ্য্যকলাপৰ সৈতে জড়িত। ,

২০২২ চনৰ ৭ ডিচেম্বৰত সকলো ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ প্ৰধান সচিবলৈ লিখা এখন পত্ৰত এনচিপিচিআৰৰ অধ্যক্ষ প্ৰিয়াংক কানুনগ’ৱে কয় যে “আয়োগৰ ওচৰত দাখিল কৰা কেইবাটাও অভিযোগত উল্লেখ কৰা  হৈছে যে ভাৰতত ইউনিচেফে নিজৰ পৰিসৰৰ বাহিৰলৈ গৈ বিভিন্ন সহযোগিতা আৰু কাৰ্য্যকলাপৰ সৈতে জড়িত হৈছে ৷”

 

পত্ৰখনত আৰু কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ (ডব্লিউ চি ডি) সন্মতি আৰু অনুমোদনৰ ভিত্তিতহে ভাৰতত কাম কৰাটো বাধ্যতামূলক। ২০১৭ চনত শিশু কল্যাণ সংস্থাটোৱে মন্ত্ৰালয়ৰ সৈতে স্বাক্ষৰ কৰা পাঁচ বছৰীয়া কান্ট্ৰী প্ৰগ্ৰেম একচন প্লেন (চিপিএপি) নবীকৰণ কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ কয় ৷

 

অৱশ্যে ইউনিচেফৰ ৱেবছাইটত উপলব্ধ এখন নথি অনুসৰি  শেষৰটো চিপিএপি ২০১৮ চনত স্বাক্ষৰিত হৈছিল আৰু ২০২২ চনৰ জানুৱাৰীলৈকে ইয়াৰ ম্যাদ আছিল ৷

উল্লেখ্য যে  কানুনগ’ৰ পত্ৰখনত দাবী কৰা হৈছে যে ইউনিচেফৰ প্ৰতিনিধি আৰু কৰ্মচাৰীসকল দেশৰ “দল, দলীয় সদস্য আৰু ৰাজনৈতিক কাৰ্যকলাপ”ৰ সৈতে জড়িত। এনচিপিচিআৰৰ সূত্ৰই জনোৱা মতে, শিশু অধিকাৰ সংস্থাটোৱে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য আৰু অন্যান্য কৰ্তৃপক্ষৰ সৈতে ইউনিচেফে কৰি থকা সকলো কামৰ  তথ্য বিচাৰিছিল।

 

এনচিপিচিআৰৰ এজন জ্যেষ্ঠ কাৰ্যবাহীয়ে সংবাদমাধ্যমক কয় , “আমি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোক অংশীদাৰ এন জিঅ’সমূহৰ তালিকাও প্ৰদান কৰিবলৈ কৈছিলোঁ ৷  লগতে তেওঁলোকৰ সৈতে যোৱা পাঁচ বছৰত কৰা সকলো কামৰ প্ৰতিবেদনও প্ৰদান কৰিবলৈ কৈছিলোঁ, কিন্তু ইউনিচেফে এতিয়াও এই তালিকা প্ৰদান কৰা নাই।” ডব্লিউ চি ডি মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই তালিকা দাখিল কৰিব নোৱাৰাৰ বাবেই সময় উকলি যোৱাৰ  পিছতো ইউনিচেফে চিপিএপি এতিয়াও নবীকৰণ কৰা নাই ৷

 

পত্ৰখনত এনচিপিচিআৰে এই কথাও উল্লেখ কৰিছে যে চিপিএপি নবীকৰণ নোহোৱা সত্বেও ৰাজ্য চৰকাৰসমূহে ইউনিচেফ-ইণ্ডিয়াৰ সৈতে বিভিন্ন কাম-কাজৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা  বিষয়ে অৱগত কৰা হৈছে। ইয়াৰ পূৰ্বেও ইউনিচেফ-ইণ্ডিয়া আৰু এনচিপিচিআৰৰ মাজত সংঘাত  হৈছিল। ২০২১ চনত দেশত সংঘটিত হোৱা মাৰাত্মক দ্বিতীয়টো ক’ভিড ঢৌৰ পিছত একাংশ ৰাজ্যই মহামাৰীৰ সময়ত অনাথ শিশুৰ সৈতে জড়িত তথ্য ইউনিচেফৰ সৈতে ভাগ-বতৰা কৰাৰ সময়ত আয়োগে আপত্তি উত্থাপন কৰিছিল।

Previous Post

কেন্দ্ৰীয় কর্মচাৰীলৈ সুখবৰ, শীঘ্ৰে বৃদ্ধি পাব ৩-৪ শতাংশ মৰগীয়া বানচ

Next Post

কৰ্ণাটকত খৰ্গেক হত্যাৰ ষড়যন্ত্ৰ? বিজেপি প্ৰাৰ্থীৰ অডিঅ’ প্ৰকাশ কৰি অভিযোগ কংগ্ৰেছৰ

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
কৰ্ণাটকত খৰ্গেক হত্যাৰ ষড়যন্ত্ৰ? বিজেপি প্ৰাৰ্থীৰ অডিঅ’ প্ৰকাশ কৰি অভিযোগ কংগ্ৰেছৰ

কৰ্ণাটকত খৰ্গেক হত্যাৰ ষড়যন্ত্ৰ? বিজেপি প্ৰাৰ্থীৰ অডিঅ' প্ৰকাশ কৰি অভিযোগ কংগ্ৰেছৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7