শৰীৰ সুস্থ কৰি ৰাখিবলৈ ব্যায়ামৰ কোনো বিকল্প নাই। ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে—ব্যায়ামৰ ভূমিকা অতুলনীয়। পুষ্টিবিদৰ পৰা চিকিৎসকলৈকে সকলোৰে পৰামৰ্শ একেই – নিয়মিতভাৱে ব্যায়াম কৰক। তেতিয়াহে আপুনি সুস্থ হৈ থাকিব ৷ বহু গুৰুতৰ ৰোগৰ আশংকাও দূৰ হ’ব। বহুতে হয়তো নাজানে যে কিছুমান শাৰীৰিক সমস্যা আছে যিবোৰ কেৱল ব্যায়াম কৰিলেই নিয়ন্ত্ৰণ কৰিব পাৰি।
উচ্চ ৰক্তচাপ
অনিয়ন্ত্ৰিত জীৱনশৈলী, বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা, মানসিক চাপ – এইবোৰ কাৰণত বহু লোক উচ্চ ৰক্তচাপত আক্ৰান্ত হয়। ঔষধ খালেও ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰাটো সদায় সম্ভৱ নহয়। এই ৰোগ নিয়ন্ত্ৰণত ৰখাৰ অন্যতম উপায় হ’ব পাৰে ব্যায়াম। ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰিবলৈ ব্যায়াম কৰাটো বাধ্যতামূলক।
ডায়েবিটিছ
যদি তেজত শর্কৰাৰ মাত্ৰা বাঢ়িছে তেন্তে ব্যায়ামৰ বাহিৰে ইয়াক নিয়ন্ত্ৰণ কৰাৰ আন কোনো উপায় নাই। ডায়েবেটিছ ৰোগীৰ বাবে ব্যায়াম সুস্থ হৈ থকাৰ অন্যতম উপায়। যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰিব পাৰে, কম সময়ৰ বাবেও, তেন্তে সঁচাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো সহজ হ’ব।
কলেষ্টেৰল
ব্যায়ামৰ ফলত শৰীৰত থকা বেয়া কলেষ্টেৰল এল ডি এলৰ পৰিমাণ কমি যায়। লগতে শাৰীৰিক কাৰ্য্যকলাপে ভাল কলেষ্টেৰল এইচ ডি এলৰ পৰিমাণ বৃদ্ধি কৰে। কলেষ্টেৰলে হৃদৰোগ, হাৰ্ট এটেক আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। গতিকে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ ব্যায়াম কৰিব লাগিব।
কৰ্কট
প্ৰতিদিনে ব্যায়াম কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। চিকিৎসকে তেনেকৈয়ে কয়। যিবোৰ কোষ কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে, সেইবোৰ কোষ ব্যায়ামৰ ফলত নিষ্ক্ৰিয় হৈ পৰে। শৰীৰৰ কেন্সাৰ বীজাণু প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি হয়। গতিকে মাৰাত্মক ৰোগৰ আশংকা দূৰ কৰিবলৈ ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ।