মণিপুৰত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। সোমবাৰে সৰ্বোচ্চ আদালতে সকলো পক্ষৰ শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাড়িৱালাৰ বিচাৰপীঠে মণিপুৰৰ সৈতে জড়িত সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব ৷
মণিপুৰৰ শাসকীয় দল বিজেপিৰ বিধায়ক তথা মণিপুৰ বিধানসভাৰ ‘পাহাৰ এলেকা সমিতি’ৰ অধ্যক্ষ ডিংগাংলাং গাংমেইয়ে শেহতীয়াকৈ মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ উপৰিও মণিপুৰ ট্ৰাইবেল ফ’ৰাম নামৰ এটা সংস্থাইও ৰাজ্যৰ অনুসূচিত জনজাতিৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। বিজেপিৰ বিধায়ক গাংমেইয়ে অভিযোগ কৰে যে মণিপুৰ উচ্চ ন্যায়ালয়ে ‘পাহাৰীয়া আঞ্চলিক সমিতি’ক গোচৰৰ পক্ষ নকৰি মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়টো বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে ৷২৭ মাৰ্চত উচ্চ ন্যায়ালয়ে সেই নিৰ্দেশ দিছিল। ইয়াৰ বাবেই ৰাজ্যখন অশান্ত হৈ পৰাৰ অভিযোগ উত্থাপন হয় ৷
উল্লেখ্য যে আন্দোলনকাৰী মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে বুধবাৰে মণিপুৰী ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ৰ উদ্যোগত এক সমাৱেশৰ আয়োজন কৰা হয়। অভিযোগ উত্থাপন হৈছে যে তাৰ পৰাই হিংসা বিয়পি পৰে। মূলতঃ ভৈয়ামত বাস কৰা মেইটেইসকল মণিপুৰৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায়। আনহাতে পাহাৰীয়া অঞ্চলত কুকি, অংগামী, লুছাই, নগা, থাৰোৱা আদি প্ৰায় ৩০ জনগোষ্ঠীৰ বসবাস। তেওঁলোকে আশংকা কৰে যে যদি তেওঁলোকে জাতিৰ মৰ্যাদা পায় তেন্তে মেইটেইসকলে পাহাৰীয়া অঞ্চলৰ ভূমি দখল কৰিব ৷ বর্তমান তেওঁলোকৰ পাহাৰৰ মাটি ক্ৰয় কৰাৰ অধিকাৰ নাই ৷