পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে বলিউডৰ ভাইজান ছলমান খানে। এই ঘটনাত অভিযুক্ত এজন যুৱকৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে লুকাউট চাৰ্কুলাৰ (এল অ’ চি) জাৰি কৰিছে। সন্দেহজনক লোকজন তৃতীয় বৰ্ষৰ মেডিকেলৰ ছাত্ৰ বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ হাৰিয়ানাত যদিত ইংলেণ্ডত অধ্যয়নৰত । তেওঁ ছলমানক হত্যা কৰাৰ ভাবুকি দি ইমেইল প্ৰেৰণ কৰিছিল।
অৱশ্যে ছাত্ৰজনৰ পৰিচয় প্ৰকাশ কৰা নাই আৰক্ষীয়ে। কাৰণ তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ বাবে আইনী প্ৰক্ৰিয়া চলি আছে। শিক্ষাবৰ্ষৰ শেষত ঘৰলৈ উভতি যোৱাৰ কথা আছিল। আৰক্ষীয়ে প্ৰথমে বিশ্বাস কৰিছিল যে এই ভাবুকি দিয়া ইমেইলটো ছলমানলৈ প্ৰেংক হিচাপে প্ৰেৰণ কৰা হৈছে। লৰেন্স বিষ্ণয় বা গোল্ডি ব্ৰাৰক দিয়া ভাবুকিৰ সৈতে এই মেইলৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁলোকে নুই কৰিছে।
এই যুৱকজনে মাৰ্চ মাহত গোল্ডি ব্ৰাৰৰ নামত ছলমানলৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল।কিন্তু পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি ছালমানে মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। ইয়াৰ পূৰ্বে লৰেন্স বিষ্ণয়ৰ দলে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল। তেতিয়াৰ পৰাই অভিনেতাগৰাকীক কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে ।
ছলমানে এতিয়া মুম্বাই আৰক্ষীৰ পৰা ওৱাই প্লাছ কেটেগৰীৰ নিৰাপত্তা লাভ কৰে। সাধাৰণ মানুহৰ ভিৰৰ মাজত তেওঁ অনুৰাগীৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি নিদিয়ে। ভাইজন বৰ সাৱধান হৈ পৰিছে।
শেহতীয়াকৈ এক অনুষ্ঠানত তেওঁ কয়, ‘নিৰাপত্তাহীনতাতকৈ নিৰাপত্তা ভাল। নিৰাপত্তা আছে। এতিয়া ৰাস্তাত চাইকেল চলোৱা বা অকলে ক’তো যোৱা সম্ভৱ নহয়। এতিয়া আটাইতকৈ ডাঙৰ সমস্যা হৈছে ট্ৰেফিক চিগনেলত আবদ্ধ হৈ পৰা। নিৰাপত্তাৰক্ষী ইমানেই থাকে যে আন মানুহে গাড়ীখন দেখা নাপায়। মোৰ অনুৰাগীসকলে মোৰ ফালে চায়।নিৰাপত্তা ল’ব লাগিব কাৰণ আমি সঁচাকৈয়ে গুৰুতৰ ভাবুকি পাইছো।”
ছলমানে ক’লে, তেওঁক যি কৰিবলৈ কোৱা হয়, তেওঁ কৰে। তেওঁৰ ভাষাত, “মই সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে খোজ কাঢ়ো। মই জানো যি হ’বলগীয়া আছে সেয়া যিয়েই নকৰক কিয় হ’বই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই ইফালে সিফালে নিশ্চিতমনে ঘূৰি ফুৰিম।”
‘কিছি কা ভাই কিচি কি জান’ৰ পিছত এতিয়া ব্যস্ত ছলমান ‘টাইগাৰ ৩’ত। চলিত বৰ্ষৰ দীপাৱলীত মুক্তি পাব ছবিখন।