দুটা চিতা বাঘৰ মৃত্যুৰ পাছতো স্থবিৰ হৈ পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্পটো ৷ কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি বাৰিষাৰ পূৰ্বে আফ্ৰিকাৰ পৰা অনা আৰু পাঁচটা চিতা বাঘ মধ্যপ্ৰদেশৰ কুনো পালপুৰ বনাঞ্চলৰ মুকলি প্ৰাকৃতিক বাসস্থানলৈ মুকলি কৰি দিয়া হ’ব।
ইতিমধ্যে নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা কুনোলৈ বিশটা চিতা অনা হৈছে। ইয়াৰে ৪ টা কুনো বনাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিয়া হৈছে। কিন্তু যোৱা ২ মাহত তাত ২ টা চিতাৰ মৃত্যু হৈছে। মধ্যপ্ৰদেশৰ সেই অৰণ্যত ৫০ টা আফ্ৰিকান চিতা পুনৰ সংস্থাপনৰ পৰিকল্পনা কৰিছে মোদী চৰকাৰে । কিন্তু বিশিষ্ট বন্যপ্ৰাণী বিজ্ঞানী তথা সদ্য অপসাৰণ কৰা কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ‘ৰাষ্ট্ৰীয় চিতা একচন প্লেন’ (ৰাষ্ট্ৰীয় চিতা পুনৰুদ্ধাৰ কাৰ্যসূচী)ৰ মুৰব্বী যাদাবেন্দ্ৰনাথ ঝালাই তেওঁৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছে যে আফ্ৰিকাৰ পৰা অনা ৫০টা চিতাটো দূৰৈৰ কথা, মধ্যপ্ৰদেশৰ কুনোত – পালপুৰ ৰাষ্ট্ৰীয় উদ্যান ৰাখিব পৰা যাবনে নাযায় তাক লৈ সন্দেহ আছে ৷
শেহতীয়াকৈ বিজ্ঞানী ঝালাই কৈছে, “কুনো ৰাষ্ট্ৰীয় উদ্যানৰ আকাৰৰ বাবে ২০টা চিতা আৰামত থাকিব নোৱাৰে। ইয়াৰ বাহিৰেও চিতাই চিকাৰ কৰি খাবলৈ হৰিণ বা বনৰীয়া গাহৰিৰ অভাৱ।” ২টা চিতা মৃত্যুৰ পিছত বন্যপ্ৰাণী বিশেষজ্ঞৰ এটা অংশই চিতা প্ৰকল্পৰ নতুন বৈজ্ঞানিক পৰ্যালোচনাৰ দাবী জনায়। কিন্তু বন আৰু পৰিৱেশ মন্ত্ৰালয়ে জনাইছে যে বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে জুন মাহত প্ৰাকৃতিক অৰণ্যত ২টা মতা আৰু ৩টা মাইকী চিতা এৰি দিয়া হ’ব।
প্ৰসংগক্ৰমে নামিবিয়াৰ পৰা অনা ৫ বছৰীয়া এটা চিতাৰ ২৭ মাৰ্চত কুনোত মৃত্যু হয়। দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটা মতা চিতা উদয়ৰ ২৪ এপ্ৰিলত মৃত্যু হয়। মধ্য প্ৰদেশৰ বন বিভাগৰ চিকিৎসকে জনোৱা মতে, বৃক্কৰ সংক্ৰমণৰ বাবেই শাছাৰ মৃত্যু হয়। আনহাতে উদয়ৰ মৃত্যুৰ কাৰণ ‘কাৰ্ডিঅ’পালমোনাৰী ফেইলাৰ’ বুলি চিনাক্ত কৰা হৈছে। ঝালাই কয়, ‘মোৰ প্ৰস্তাৱ আছিল আপাততঃ ৰাজস্থানৰ মুকুন্দৰা বনাঞ্চলখন ব্যৱহাৰ কৰি অধিক চিতা মুকলি কৰি দিব লাগে ।কিন্তু সেই প্ৰস্তাৱ কাৰ্যকৰী কৰা নহ’ল ৷