সময়ৰ লগে লগে বয়স বাঢ়ি যায় । কিন্তু বয়সৰ ছাপ মুখ বা চুলিত পৰাটো কোনেও নিবিচাৰে। কিন্তু পৰিৱৰ্তিত জলবায়ু, অতিৰিক্ত প্ৰদূষণে ছালৰ ক্ষতিসাধন কৰে ৷ কেইবছৰমান আগতে কম বয়সতে ছালৰ বয়স বৃদ্ধি হোৱাটো সাধাৰণ সমস্যা নাছিল। এতিয়া বিভিন্ন কাৰণত বাৰ্ধক্যৰ চাপ দেখা যায় শৰীৰত ৷ কিন্তু কিছুমান অভ্যাসে অকাল বাৰ্ধক্যক ৰোধ কৰি ৰাখিব পাৰে। ছালৰ অকাল বাৰ্ধক্য কেনেকৈ ৰোধ কৰিব পাৰি?
১) পৰ্যাপ্ত টোপনি
প্ৰতিদিনে কমেও ৭ৰ পৰা ৮ ঘণ্টা টোপনি অহাটো অতি প্ৰয়োজনীয়। ৰাতি ভালকৈ নুশুলে ছালত বয়সৰ লক্ষণ দেখা পোৱাটো নিশ্চিত। কাৰণ টোপনিৰ সময়ত ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত ছালখন বলিৰেখাৰ পৰা ৰক্ষা পৰে। গতিকে প্ৰতিদিনে কমেও ৭-৮ ঘণ্টা শুব। টোপনিৰ অভাৱত মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি পায়। ই অতি সোনকালে বয়স বৃদ্ধিৰ লক্ষণ দেখুৱাব পাৰে।
২) স্বাস্থ্যকৰ খাদ্য
দৈনন্দিন খাদ্যত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি থকা খাদ্য অন্তৰ্ভুক্ত কৰক। কাৰণ এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্যই ছালখনক নমনীয় কৰি তোলে আৰু অকাল বয়স বৃদ্ধিৰ সমস্যাৰ সৈতে সহজে যুঁজ দিয়ে। জলকীয়া, ব্ৰকলি, বিলাহী আদি শাক-পাচলি খাব লাগে । আৰু প্ৰতিদিনে অন্ততঃ কুঁহিয়াৰ, ব্লুবেৰী, এভোকেডো আদিৰ দৰে ফল খাব। দিনটোত এবাৰ হ’লেও গ্ৰীণ টি খাব পাৰে।
৩) ব্যায়াম
সঁচাকৈয়ে সুস্থ হৈ থাকিবলৈ ব্যায়ামৰ কোনো বিকল্প নাই। ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে—ব্যায়ামৰ ভূমিকা আছে। পুষ্টিবিদৰ পৰা চিকিৎসকলৈকে সকলোৰে পৰামৰ্শ একেই – নিয়মিতভাৱে ব্যায়াম কৰা। তেতিয়াহে আপুনি সুস্থ হৈ থাকিব ৷ বয়সৰ চাপ আঁতৰাই ৰখাৰ উপৰিও বহু ৰোগৰ আশংকাও কমি যাব।
৪)মানসিক স্বাস্থ্য
মানসিক স্বাস্থ্যৰ অৱনতি ঘটিলেও বহু সময়ত শৰীৰত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয় ৷ সেয়েহে মানসিক অৱসাদ দূৰ কৰি প্ৰতিটো পল মনটোক সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰক ৷ মানসিক স্বাস্থ্য ভালে থাকিলে আপোনাৰ শৰীৰ ভালে থাকিব ৷
৫) সূৰ্য্যৰ পৰা সাৱধান হওক
ছালে অতি ক্ষতি কৰে ৰ’দে ৷ গতিকে ৰ’দত ওলাই গ’লে ছাতি, টুপী, ক’লা চশমা লগত ৰাখক। সম্পূৰ্ণ হাতৰ চাৰ্ট পিন্ধক। ছানস্ক্ৰীণ লোচন লগাবলৈ নাপাহৰিব। উচ্চ এছ পি এফ থকা ছানস্ক্ৰীণ প্ৰয়োগ কৰক। ডাৱৰীয়া দিনতো ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।