বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে বিয়লি মুম্বাইত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ সৈতে এক বৈঠকত মিলিত হৈ লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁট গঠনৰ পৰিকল্পনা কৰিব । তাৰ আগতে কেন্দ্ৰীয় সংস্থা এনফর্চমেণ্ট সঞ্চালকালয় হঠাতে ‘সক্ৰিয়’ হৈ পৰিল। মহাৰাষ্ট্ৰ এন চি পিৰ সভাপতি জয়ন্ত পাটিলক সোধা-পোছাৰ বাবে চমন প্ৰেৰণ কৰা হৈছে।
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী জয়ন্তক শুকুৰবাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ লিজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেড (আই এল এণ্ড এফ এছ)ৰ দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে চমন কৰা হৈছিল বুলি ই ডি সূত্ৰই প্ৰকাশ কৰিছে। আই এল এণ্ড এফ এছৰ কোহিনুৰ চি টি এন এলৰ বিত্তীয় অনিয়মৰ গোচৰত বুধবাৰে ই ডিয়ে কোম্পানীটোৰ দুজন অডিটৰৰ বাসগৃহত অভিযান চলায়। ইয়াৰ পিছত শাৰদ পাৱাৰৰ ঘনিষ্ঠা জয়ন্ত পাটিলক মাতি অনা হয়।
প্ৰসংগক্ৰমে মহাৰাষ্ট্ৰৰ একাংশ ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ আত্মীয়ই বেনামী কনচৰ্টিয়াম গঠন কৰি কোহিনুৰ মিলছৰ এটা অংশ ৪২১ কোটি টকাত ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই মাটিত শ্বপিং মল নিৰ্মাণৰ পৰিকল্পনা আছিল। কিন্তু পিছত সেই পৰিকল্পনা সলনি কৰি কোহিনূৰ ভৱন নামৰ এটা বাণিজ্যিক ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ’ল। মাটি ক্ৰয়ৰ বাবে সেই ৪২১ কোটি টকাৰ ভিতৰত ঋণ প্ৰদানকাৰী কোম্পানী আই এল এণ্ড এফ এছে আন্তঃগাঁথনিত ২২৫ কোটি টকা বিনিয়োগ কৰিছিল। পিছত আই এল এণ্ড এফ এছে আৰ্থিক সংকটৰ অজুহাত দি নিয়ম উলংঘা কৰি মাত্ৰ ৯০ কোটি টকাত সেই অংশ বিক্ৰী কৰাৰ অভিযোগ উঠিছে। ইডিয়ে ইয়াৰ তদন্ত কৰি আছে।