কণীৰ বিষয়ে বেছিভাগ মানুহৰে সাধাৰণ ধাৰণা হ’ল যে কুহুমেই সকলো ৰোগৰ মূল। কিন্তু শেহতীয়া বিভিন্ন অধ্যয়নে এই ধাৰণাটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। পুষ্টিবিদসকলে কয় যে কুহুমত স্বাস্থ্যকৰ চৰ্বি আৰু ভাল কলেষ্টেৰল থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী। ইয়াৰ বাহিৰেও প্ৰটিনৰ অভাৱ পূৰণ কৰিবলৈ দৈনিক এটা কণী কুহুমৰ সৈতে খাব পাৰি।
কিয় প্ৰতিদিনে কণী খাব লাগে?
কণী প্ৰটিনৰ উত্তম উৎস। শৰীৰৰ অভাৱ পূৰণৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ এমিনো এচিড কণীত পোৱা যায়। কুহুমত ‘ক’লিন’ নামৰ যৌগ থাকে। যিটো মগজুৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কণীত থকা লুটিনে বয়সৰ লগত জড়িত বিভিন্ন ৰোগ প্ৰতিৰোধতো সহায় কৰে।
যদি আপোনাৰ হৃদযন্ত্ৰৰ সমস্যা আছে তেন্তে কুহুম নোহোৱাকৈ কণী খাব লাগে?
শেহতীয়াকৈ ডায়েটাৰী কলেষ্টেৰল এণ্ড দ্য লেক অৱ ইভিডেন্স ইন কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজ নামৰ আলোচনীখনত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে, “ডায়েটাৰী কলেষ্টেৰলৰ তেজৰ কলেষ্টেৰলৰ মাত্ৰাত কোনো প্ৰভাৱ নপৰে।” বৰ্তমান চিকিৎসকে হৃদৰোগীক প্ৰতিদিনে কুহুমৰ সৈতে এটাকৈ কণী খাবলৈ পৰামৰ্শ দিয়ে।
কণী ভাজি খাব নে সিদ্ধ কৰি খাব?
কণীৰ কুহুমতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি ইয়াক কেনেকৈ খায়। কাৰণ, কণীৰ পুষ্টিৰ গুণগত মান ৰন্ধা-বঢ়াৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। সিজোৱা, প’চ কৰা বা ভূৰজী—যি প্ৰস্তুত কৰক, প্ৰতিটো খাদ্যৰ ৰন্ধা পদ্ধতি বেলেগ বেলেগ। পুষ্টিৰ গুণগত মান বজাই ৰাখিবলৈ সেই পদ্ধতিৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। কিন্তু কণী ভাজিলে অতিৰিক্ত কেলৰি আৰু অস্বাস্থ্যকৰ চৰ্বিৰ পৰা আঁতৰি থকা সম্ভৱ নহয়।