বতাহত আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ বাঢ়িলেও ছাল শুষ্ক হৈ পৰে ৷গতিকে বহুতে ছালৰ আৰ্দ্ৰতা ধৰি ৰাখিবলৈ বিভিন্ন পদ্ধতিৰ সহায় লয়। ছালখন প্ৰদূষণৰ পৰা সুৰক্ষিত ৰখাটো গুৰুত্বপূৰ্ণ। বহুতে ছালৰ যত্ন ল’বলৈ বনৌষধি উপাদানৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে কফিৰ দ্বাৰা এনে বহু সমস্যাৰ সমাধান সম্ভৱ বুলি বিশেষজ্ঞসকলে কয়। গতিকে, সাৰ পাই কফিৰ চুমুক দিয়াৰ পিছত যেনেকৈ মনটো শান্ত হৈ পৰে, তেনেকৈয়ে ছালখনেও কফিৰ সংস্পৰ্শত নিজৰ হেৰুৱা সৌন্দর্য্য পুনৰ লাভ কৰিব পাৰে। কিন্তু এই কফি কেনেকৈ ব্যৱহাৰ কৰিব?
১) চকুৰ ফুলা দূৰ কৰে
৩ চামুচ গৰম পানীত ১ চামুচ কফি মিহলাই লওক। চকুৰ ওপৰত বা তলৰ ফুলি উঠা ঠাইত কপাহী বলৰ সহায়ত লগাওক ৷
২)চকুৰ তলৰ ক’লা দাগ আঁতৰায়
আধা চামুচ কফি পাউদাৰ ১ চামুচ মৌৰ লগত মিহলাই লওক। এই মিশ্ৰণটো চকুৰ তলত ১০-১৫ মিনিট লগাব। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব।
৩) ব্ৰণৰ সমস্যা
কফিত থকা এন্টি-বেক্টেৰিয়েল যৌগবোৰে ছালত ব্ৰণ সৃষ্টিকাৰী বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে। ইয়াৰ উপৰিও ই ছালৰ মৃত কোষবোৰ আঁতৰোৱাত সহায় কৰে। ২ চামুচ কফি, ১ চামুচ বেচন, ১ চামুচ মৌ আৰু ২ চামুচ এলোভেৰা জেল ভালদৰে মিহলাই লওক। এই মিশ্ৰণটো ১০ৰ পৰা ১৫ মিনিট মুখত লগাব লাগে। শুকান হ’লে ঠাণ্ডা পানীৰে মুখখন ধুব।
৪) ৰ’দত পোৰা ছালৰ যত্ন
ৰ’দৰ বাবে ছাল ক’লা হৈ পৰিছে নেকি ? কফি আৰু নেমুৰ ৰসৰ মিশ্ৰণে এই সমস্যাৰ বাবে ভাল কাম কৰিব। এই মিশ্ৰণটো ৰ’দত পোৰা ঠাইত ১৫ মিনিট ৰাখিব। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব।
৫) শুকান ছালৰ যত্ন
আধা চামুচ কফি পাউদাৰৰ লগত ১ চামুচ অলিভ অইল মিহলাই লওক। এই মিশ্ৰণটো গা ধোৱাৰ ১৫ মিনিট আগতে লগাব লাগে। গা ধুওঁতে ধুই পেলাওক।