ভাৰতীয় টেষ্ট দলৰ উপ অধিনায়ক কে এল ৰাহুল। কিন্তু আঘাতৰ বাবে তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলিব নোৱাৰিব ৷ এই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ কাক উপ অধিনায়ক হিচাপে দেখা যাব? একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চেতেশ্বৰ পূজাৰাই এই দৌৰত আগবাঢ়ি আছে। বিচিচিআইয়ে ২৩ মে’ত আইচিচিলৈ দাখিল কৰিব চূড়ান্ত দলৰ তালিকা । খবৰ অনুসৰি তাতেই আনুষ্ঠানিকভাৱে পূজাৰাৰ নাম ঘোষণা কৰা হ’ব।
ব’ৰ্ডৰ এক সূত্ৰই কয়, ‘পূজাৰাক উপ অধিনায়ক হিচাপে ঘোষণা কৰা হ’ব। সকলোৱে জানে যে তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। চূড়ান্ত দল পঠোৱাৰ সময়ত ঘোষণা কৰা হ’ব।”
বৰ্তমান ছাচেক্সৰ হৈ কাউন্টি ক্ৰিকেট খেলি আছে পূজাৰাই। কিছু বিৰতিৰ পিছত তেওঁ ভাৰতীয় দলত যোগদান কৰাৰ কথা। ব’ৰ্ডৰ সূত্ৰই কয়, ‘ছাচেক্স খেলৰ পিছত পূজাৰাই বিৰতি ল’ব। ইয়াৰ পিছত তেওঁ সতেজ হৈ ভাৰতীয় শিবিৰত যোগদান কৰিব। ক্ৰিকেট তেওঁ অবিৰতভাৱে অব্যাহত ৰাখিছে। গতিকে ফাইনেলৰ আগতে অলপ বিৰতিৰ প্ৰয়োজন। ২৮-২৯ মে’ৰ ভিতৰত তেওঁ ভাৰতীয় শিবিৰত যোগদান কৰাৰ সম্ভাৱনা আছে।’
কাউন্টি ক্ৰিকেটত পূজাৰাৰ ফৰ্ম ভাল। ইংলেণ্ডত খেলাৰ আগতে তেওঁ আটাইতকৈ বেছি আত্মবিশ্বাসী হোৱা উচিত। কাৰণ তেওঁ দীৰ্ঘদিন ধৰি ইংলেণ্ডৰ পৰিৱেশৰ লগত খাপ খুৱাবলৈ সুযোগ পাইছে। শেহতীয়াকৈ লেষ্টাৰশ্বাৰৰ বিৰুদ্ধে ১২৮টা বলত ৭৭ ৰান সংগ্ৰহ কৰে।