পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী কোৰিয়ান পপ তাৰকাৰ মৃতদেহ ৷ কোৰিয়াৰ পপ তাৰকাগৰাকীৰ বয়স আছিল মাত্ৰ ২৯ বছৰ। হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ কৰে গায়ক হাইছুৰ মৃতদেহ। কণ্ঠশিল্পীগৰাকীৰ মৃতদেহৰ কাষতে এখন চুইচাইড নোট উদ্ধাৰ কৰে আৰক্ষীয়ে। অৱশ্যে ঘটনাৰ দুদিন পিছতেই পোহৰলৈ আহে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ খবৰ। ২০ মে’ত জেওলাবুক-ড’ৰ ৱনজু গানত অনুষ্ঠিত হ’বলগীয়া গ্ৱাংজুমিয়ন পিপলছ ডে’ অনুষ্ঠানত তেওঁ গান গোৱাৰ কথা আছিল। কিন্তু এই অনুষ্ঠানৰ পূর্বে তেওঁৰ মৃত্যু হয় ৷
হাইছু দক্ষিণ কোৰিয়াৰ এজন ট্ৰট গায়ক, যিটো ধাৰা সেই দেশত অতি জনপ্ৰিয়। ১৯৯৩ চনত জন্মগ্ৰহণ কৰিছিল হাইছুৰে। কোৰিয়ান সংগীত আছিল হেইছুৰ অধ্যয়নৰ বিষয়। তেওঁ আগতে ‘পান্সোৰী শৈলী’ নামৰ এক বিশেষ শৈলীত গান গাইছিল। এই গীতটি অতি কাব্যিক শৈলীৰে গোৱা হৈছে। বিগত চাৰি বছৰত সংগীত জগতত নাম উজলাইছিল এইগৰাকী গায়ক। কিন্তু হাইছুৱে বেছি দিন সফলতাৰ সোৱাদ উপভোগ কৰিব নোৱাৰিলে। ২০১৯ চনত তেওঁৰ একক এলবাম ‘মাই লাইফ, মি’ৰ জৰিয়তে অভিষেক ঘটায়। গায়ো ষ্টেজ, হেংআউট উইথ ইউ, দ্য ট্ৰট শ্ব’ত অভিনয় কৰাৰ পিছত তেওঁ চিনাকি মুখ হৈ পৰিছিল। ইয়াৰ উপৰিও সংগীতজ্ঞ হিচাপেও তেওঁ নিজৰ দক্ষতা প্ৰমাণ কৰিলে। হাইছুৰ মৃতদেহৰ কাষত উদ্ধাৰ হোৱা ছুইচাইড নোটখনৰ বিষয়বস্তু আৰক্ষীয়ে প্ৰকাশ কৰা নাই। আনকি, কণ্ঠশিল্পীগৰাকীৰ পৰিয়ালৰ পৰিচয়ও গোপনে ৰখা হৈছে।