বিজ্ঞানীসকলে শনিৰ কেইবাটাও নতুন উপগ্ৰহ আৱিষ্কাৰ কৰিছে। উপগ্ৰহৰ সংখ্যাত শনিয়ে এইবাৰ ‘গ্ৰহ’ বৃহস্পতিকো অতিক্ৰম কৰিলে। ইয়াৰ উপগ্ৰহ বৃহস্পতিতকৈ বেছি। শেহতীয়াকৈ মহাকাশ বিজ্ঞানীৰ এটা আন্তঃৰাষ্ট্ৰীয় দলে শনি গ্ৰহৰ ৬২ টা উপগ্ৰহৰ আৱিষ্কাৰ কৰিছে। এই উপগ্ৰহবোৰ ইমান দিনে শনিৰ আঙঠিৰ আঁৰত লুকাই আছিল। গতিকে উপগ্ৰহসমূহ অদৃশ্য হৈ আছিল ৷ নতুন গৱেষণাত এই তথ্য প্ৰকাশ পাইছে ৷
নতুনকৈ ৬২টা উপগ্ৰহৰ আৱিষ্কাৰৰ ফলত শনি গ্ৰহৰ মুঠ উপগ্ৰহৰ সংখ্যা ১৪৫টালৈ বৃদ্ধি পাইছে। শেহতীয়া পৰিসংখ্যা অনুসৰি বৃহস্পতিৰ উপগ্ৰহৰ সংখ্যা ৯২টা।
শনিৰ উপগ্ৰহ বিচাৰি উলিয়াবলৈ ছিফ্ট আৰু ষ্টেক কৌশল গ্ৰহণ কৰা হৈছে বুলি বিজ্ঞানীসকলে কৈছে। ইয়াৰ জৰিয়তে গৱেষকসকলে আঙঠিযুক্ত গ্ৰহটোৰ চাৰিওফালৰ বায়ুমণ্ডলৰ ওপৰত অধিক তীক্ষ্ণ দৃষ্টি ৰাখিছে। নেপচুন আৰু ইউৰেনাছৰ উপগ্ৰহ বিচাৰি উলিয়াবলৈও একে পদ্ধতি গ্ৰহণ কৰা হৈছিল।
ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কেইবাটাও ক্ৰমিক ছবিৰ জৰিয়তে শনিৰ এটা লুকাই থকা উপগ্ৰহ আৱিষ্কাৰ কৰিছে। এটা ছবিত ধৰা নপৰা উপগ্ৰহবোৰ ক্ৰমিক ছবিত ধৰা পৰে। শনিৰ এই উপগ্ৰহটোৰ সন্ধান ২০১৯ চনৰ পৰা আৰম্ভ হৈছিল। বিজ্ঞানীসকলৰ মতে এই উপগ্ৰহসমূহৰ অস্তিত্বৰ বিষয়ে চাৰি বছৰ আগতেই জনা গৈছিল। কিন্তু চাৰি বছৰ ধৰি ভালদৰে পৰ্যবেক্ষণ কৰা হৈছিল । ইয়াৰ পিছত আনুষ্ঠানিকভাৱে উপগ্ৰহৰ উপস্থিতি নিশ্চিত কৰা হয়। এই নতুন আৱিষ্কাৰে শনি গ্ৰহ সৌৰজগতত ১০০ৰো অধিক উপগ্ৰহ থকা প্ৰথম গ্ৰহ হিচাপে পৰিগণিত হ’ল।