কাম কৰা শিশু বা কিশোৰৰ আত্মহত্যা, হত্যা অথবা অবৈধভাৱে তুলি লোৱা শিশুৰ ওপৰত কৰা অত্যাচাৰৰ বাতৰিয়ে সমাজ কঁপাই তোলাৰ সময়তে মানুহ (?) কিছুমানে নিজকে জাষ্টিফাই কৰিবলৈ নাপাহৰে- “মই কাম কৰিবলৈ অনা ছোৱালী জনীৰ বয়স দেখোন ১৪ বছৰৰ ওপৰত! তাইক নিজৰ ছোৱালী হিচাপে ৰাখি সম্পূৰ্ণ দায়িত্ব লৈ বিয়া দিম বুলি ভাৱিছিলো”!
“তাৰ ঘৰখন একেবাৰে দুখীয়া বাবে মাক-দেউতাকৰ অনুমতি সাপেক্ষেহে কাম কৰিবলৈ আনিছিলো” ইত্যাদি ইত্যাদি।
হোটেল বা গেৰেজত সততে ১৫-১৬ বয়সৰ ল’ৰা একোটাই কাম কৰি থকা দেখা যায়। সিঁহতৰ হাতেৰে কত মানুহে চাহ খাই যায়, কত মানুহে গাড়ী ভাল কৰাই লৈ যায়! কাৰো সময় নাই সিহঁতৰ ভৱিষ্যতৰ বিষয়ে সুধিবলৈ বা জানিবলৈ!
পুৱাৰ পৰা ৰাতিলৈকে ঘণ্টা ঘণ্টা ধৰি কাম কৰে এই কিশোৰসকলে। মালিকে দিনটোত খাবৰ বাবে ৫০/- টকা দিয়ে আৰু ৰাতি শুবৰ বাবে এখন খাট।
চহৰৰ শ্বপিং মলবোৰত দেখা যায় ১৪/১৫ বছৰ বয়সীয়া কিছুমান ছোৱালীয়ে মালিক যেন লগা মহিলা কিছুমানৰ পিছে পিছে বজাৰৰ গধুৰ বেগবোৰ দাঙি দাঙি ঘূৰি ফুৰে।
শিক্ষিত-অশিক্ষিত, ধনী-দুখীয়া নিৰ্বিশেষে সমাজত এনে অসংখ্য মানুহ (?) আছে যিয়ে ভাৱি লয় যে দুখীয়া মাক-দেউতাকৰ সন্তান কাম কৰিবলৈহে জন্ম হৈছে! বহু মাক দেউতাকেও নিজ সন্তানে বিদ্যালয়লৈ নগৈ কাম কৰি দুপইছা অৰ্জন কৰাটোৱে বিচাৰে। দুখীয়া আৰু অৱহেলিত সন্তানক অনায়াসে শিশুশ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি বুলি সকলোৱে ভাৱি লয়! বিশেষকৈ ১৪ বছৰ বয়সৰ শিশুসকলক মাহিলী অলপ টকাৰ বিনিময়ত যিকোনো কাম কৰোৱাব পাৰি বুলি ভাৱে! ভাৱি লয় ১৪ বছৰ বয়স হৈ যোৱা ল’ৰা ছোৱালীক কামত নিয়োগ কৰাত কোনো আইনী বাধা নাই!
কিন্তু প্ৰকৃততে পাৰিনে? আইনে কি কৈছে এই সংক্ৰান্তত?
জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকচন্ এক্ট , ২০১৫ অনুসৰি ১৮ বছৰ বয়সলৈকে সকলো ল’ৰা-ছোৱালীয়েই হ’ল শিশু। আনহাতে দ্য চাইল্ড এণ্ড এড’লচেণ্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট-১৯৮৬ (এমেইণ্ডেদ এক্ট-২০১৬) অনুসৰি কোনো শিশুকে শিশু শ্ৰমিক হিচাপে নিয়োগ কৰিব নোৱাৰি যাৰ বয়স ১৪ বছৰ বা তাতোতকৈ কম। আনহাতে ১৪ বছৰ বয়সতকৈ বেছি আৰু ১৮ বছৰ বয়সতকৈ কম শিশুক কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব।
বিপদজনক কাম মানে কি?
দ্য চাইল্ড এণ্ড এড’লচেণ্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট-১৯৮৬ (এমেইণ্ডেদ এক্ট-২০১৬) অনুসৰি নিম্নলিখিত প্ৰতিষ্ঠানসমূহ হ’ল বিপদজনক কাৰ্যক্ষেত্ৰ। যেনেশিলৰ খনি, কয়লাখনি, ইটাভাটা, ৰং দিয়া, লোহাৰ বা ৰড্ কটা, ফট্কাৰ দোকান, প্ৰাকৃতিক গেছ ব্যবহৃত অনুষ্ঠান বা প্ৰাকৃতিক গেছৰ উৎপাদন আদি অৰ্থাৎ আমি ধাৰণা কৰাৰ দৰে হোটেল , গেৰেজ, মানুহৰ ঘৰ আদি ক’তো এইসকল শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব নোৱাৰো।
১৪ বছৰ বয়সতকৈ ওপৰৰ শিশুসকলক বা কিশোৰ কিশোৰীক ওপৰত উল্লিখিত বিপদমূলক কামৰ বাহিৰে অন্য কামত নিয়োগ কৰিব লগা হ’লেও কিছুমান নিৰ্দিষ্ট নিয়ম পালন কৰিব লাগিব। যেনে-
১। একেৰাহে ৩ ঘণ্টাতকৈ অধিক সময় কাম কৰিব নোৱাৰিব
২। জিৰণি নোলোৱাকৈ কাম কৰিব নোৱাৰিব
৩। মুঠ ৬ ঘণ্টাতকৈ অধিক কাম কৰিব নোৱাৰিব
৪। গধূলি ৭ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ কাম কৰিব নোৱাৰিব
৫। সপ্তাহত এদিন বন্ধ
৬। স্থানীয় শ্ৰমিক বিষয়াক শিশুটিক নিয়োগ কৰোওৱা, কামৰ প্ৰকৃতি, আদি সম্পূৰ্ণ তথ্য শিশুটি নিয়োগ কৰাৰ ৩০ দিনৰ ভিতৰত দাখিল কৰিব লগিব। ইত্যাদি।
আকৌ কৰ্ম প্ৰতিষ্ঠানটোৱে এখন ৰেজিষ্টাৰ ৰাখি সকলো খতিয়ান লিখি ৰখাতো বাধ্যতামূলক।
শিশুটিৰ স্বাস্থ্য আৰু সুৰক্ষা নিশ্চিত কৰাতো তেওঁলোকৰ দায়িত্ব।
যিকি নহওক শিশু এটিক কামত নিয়োগ কৰি শিক্ষাৰ অধিকাৰ আৰু খেলা-ধূলা বা জীৱন গঢ়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকৰ জীৱনক অন্ধকাৰলৈ ঠেলি দিয়া অনুচিত। আইনৰ বাধাৰ বাহিৰেও এইয়া আমাৰ নৈতিক দায়িত্ব যে তেওঁলোকক এটা মুক্ত আৰু শান্ত সামাজিক পৰিৱেশৰ মাজেৰে ডাঙৰ হ’বলৈ সুবিধা প্ৰদান কৰা। চৰকাৰে শিশু আৰু দুখীয়া লোকৰ বাবে বহু আচঁনি উলিয়াইছে। তেনেক্ষেত্ৰত এতিয়াও মানুহৰ ঘৰত বা ব্যৱসায়িক প্ৰতিষ্ঠানত শিশুক শ্ৰমিক হিচাপে ৰখাতো অতি দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা। সমাজৰ নৈতিক অধ:পতনৰ অন্যতম উদাহৰণ।