VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মৃত্যু বার্ষিকীত পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি ৰাজ্যবাসীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2023
in মুখ্য সংবাদ
মৃত্যু বার্ষিকীত পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি ৰাজ্যবাসীৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

অসমৰ জাতীয় চেতনাক মহীয়ান কৰি যোৱা বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যতিথি পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ভিন্ন স্থানত সাংবাদিক গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । ১৯৯৬ চনৰ ১৭ মে’ তাৰিখে আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল এইগৰাকী নিৰ্ভীক-নিৰপেক্ষ সাংবাদিকে। আজি ২৭ সংখ্যক মৃত্যু বাৰ্ষিকীত সাংবাদিক গৰাকীক সোঁৱৰিছে ৰাজ্যবাসীয়ে ৷ পৰাগ কুমাৰ দাস আছিল অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সম্পাদক, এগৰাকী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমৰ মানৱ অধিকাৰ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক।

 

পৰাগ কুমাৰ দাস মানব অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক নেতাও আছিল। তাৰ আগতে পৰাগ কুমাৰ দাস গুৱাহাটী ষ্টক এক্সচেঞ্জৰ মেনেজাৰ আছিল।দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজ আৰু দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰা দাসে নিজৰ কলেমেৰে অসমীয়া জাতীয় চেতনা জাগ্ৰত কৰাই নহয় অসমৰ অর্থনীতিক আগুৱাই নিয়াৰ বাবেও তেও দেখিছিল সপোন ৷

 

১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শিলচৰত জন্মগ্ৰহণ কৰা পৰাগ কুমাৰ দাসে নিম্ন প্ৰাথমিক, প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা চেনিকুঠী বালক বিদ্যালয়, এম.চি.এম.ই. স্কুল আৰু কটন কলেজিয়েট পৰা গ্ৰহণ কৰে ৷ ১৯৭৭ চনত তেওঁ মেট্ৰিক পৰীক্ষাত ৪ৰ্থ স্থান লাভ কৰে। লগতে কটন কলেজৰ পৰা বিজ্ঞান শাখাত  প্ৰি-ইউনিভাৰ্চিটি পৰীক্ষাত ৪ৰ্থ স্থান লাভ কৰে। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গুচি যায়। অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভৰ বাবে তেওঁ ছেইণ্ট ষ্টিফেন কলেজত নামভৰ্তি কৰে। ইয়াৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অৱ ইকনমিক্সত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে যোগদান কৰে।

 

১৯৮৪ চনত তেওঁ পঞ্জাৱ নেচনেল বেংকত মেনেজাৰ হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সচেঞ্জত জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯৫ চনত চাকৰি ত্যাগ কৰি অসমীয়া প্ৰতিদিনত সম্পাদক হিচাপে যোগদান কৰে।

 

পৰাগ কুমাৰ দাসে ৮০ৰ দশকৰ শেষৰ ফালে প্ৰান্তিক আৰু দ্য চেণ্টিনেল (অসমৰ গুৱাহাটীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক কাকত)ত সাংবাদিকতা আৰম্ভ কৰিছিল। পিছলৈ ১৯৮৯ চনত দাসে বুধবাৰ নামৰ অসমীয়া সাপ্তাহিক কাকতখন প্ৰকাশ কৰে।

১৯৯৬ চনৰ ১৭ মে’ৰ বিয়লি গুৱাহাটীৰ চান্দমাৰীত নিজৰ কণমানি পুত্ৰক স্কুলৰ পৰা নিবলৈ অহাৰ সময়ত দাসক দিন দুপৰতে গুলীয়াই হত্যা কৰে ৷তেওঁৰ মুকলি হত্যাকাণ্ডই সমগ্ৰ অসমৰ লগতে দেশৰ মানৱ অধিকাৰ মহলত বিপুল ক্ষোভৰ সৃষ্টি কৰিছিল।এই গৰাকী সাহসী সাংবাদিকৰ লেখনিয়ে আজিও উদ্বুদ্ধ কৰে অসমীয়া জাতিক ৷

Previous Post

নিৰাপত্তা বৃদ্ধি কৰা হ’ল সৌৰভ গাংগুলীৰ,, ‘ৱাই’ৰ সলনি এইবাৰ তেওঁ লাভ কৰিব জেড শ্ৰেণীৰ নিৰাপত্তা

Next Post

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

চৈধ্য বছৰ বয়স হ'লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7