মধ্য প্ৰদেশৰ ২৮ বছৰীয়া কিশোৰী মেঘা পাৰমাৰক মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ পিছত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ‘অন্যতম মুখ’ হিচাপে সন্মানিত কৰে। তেওঁক মধ্যপ্ৰদেশৰ ‘বেটি বাচাও, বেটি পঢ়াও’ আঁচনিৰ প্ৰচাৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয়। কিন্তু ৯ মে’ত যুৱতীগৰাকীয়ে কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও কমল নাথক ৰাজ্যৰ ‘পৰৱৰ্তী মুখ্যমন্ত্ৰী’ বুলিও তেওঁ অভিহিত কৰে। পিছদিনা মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে তেওঁক প্ৰচাৰ এম্বেছাদৰ পদৰ পৰা অপসাৰণ কৰে।
কেৱল সেয়াই নহয়, বুধবাৰে পাৰমাৰক মধ্যপ্ৰদেশৰ দুগ্ধ সমবায় সংস্থা ‘সাঁচি’ৰ এম্বেছাদৰ পদৰ পৰাও অপসাৰণ কৰা হয়। মধ্য প্ৰদেশ চৰকাৰে ২০২২ চনৰ আগষ্ট মাহৰ পৰা তিনিবছৰীয়া চুক্তিৰে এই পদ প্ৰদান কৰিছিল। এভাৰেষ্ট বিজয়ীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে ৰাজ্য চৰকাৰে তেওঁৰ সৈতে হোৱা চুক্তি কোনো কাৰণ নোহোৱাকৈ বাতিল কৰিছিল।
মেঘাৰ পৰিয়ালটো দুগ্ধ ব্যৱসায়ৰ সৈতেও জড়িত। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ছিহোৰ জিলাৰ বাসিন্দা তেওঁ। এই পদৰ পৰা আঁতৰোৱাৰ কথা কওঁতে মেঘাই কয়, ‘মোৰ দেউতা এজন খেতিয়ক। সৰুৰে পৰা দেউতাক সহায় কৰি আহিছোঁ। ৰাজ্যৰ সমবায়ক গাখীৰ যোগান ধৰিবলৈ সকলো গাখীৰ ব্যৱসায়ীক আহ্বান জনাবলৈ চৰকাৰে মোক দায়িত্ব দিছিল। তাত মই সফল হৈছিলো। কিন্তু হঠাৎ মোক আঁতৰাই দিয়া হ’ল। “এই পৰিপ্ৰেক্ষিতত বিজেপিৰ মুখপাত্ৰ নেহা বাগ্গাই মন্তব্য কৰি কয়, ‘মেঘাই স্বেচ্ছাই কংগ্ৰেছত যোগদান কৰিছে। আমিও আমাৰ আদৰ্শক আমাৰ সামাজিক প্ৰকল্পলৈ অনুবাদ কৰোঁ। তেওঁৰ বেলেগ মতাদৰ্শৰ বাবে তেওঁৰ লগত কেনেকৈ একত্ৰিত হ’ব?” ২০১৯ চনত এভাৰেষ্ট জয় কৰিছিল মেঘাই। তেওঁক অপসাৰণ কৰাৰ বাবে বিৰোধী দলসমূহে বিজেপি চৰকাৰক সমালোচনা কৰিছে।