নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছত অসম আৰক্ষীৰ মাজত একপ্ৰকাৰ জোকৰণিৰ সৃষ্টি হৈছে ৷ উপ পৰিদর্শক গৰাকীৰ মৃত্যুৰ পাছতে আৰক্ষী আৰু অপৰাধীৰ মাজত চলি অহা গোপন মিতিৰালি উন্মোচিত হৈছে ৷ ইয়াৰ মাজতে অসম আৰক্ষীয়ে এইবাৰ মুখ বন্ধ ৰাখিবলৈ নির্দেশ দিছে ইয়াৰ বিষয়াসকলক ৷নির্দেশনাখনত উল্লেখ কৰা অনুসৰি একাংশ আৰক্ষী বিষয়াই আৰক্ষীৰ মুখ্য কার্যালয়ৰ অনুমতি অবিহনে আৰক্ষীৰ নীতি সম্পর্কীয় বিভিন্ন তথ্য বৈদ্যুতিন আৰু ছপা মাধ্যমৰ আগত প্ৰকাশ কৰি আহিছে ৷যাৰ বাবে ভৱিষ্যতে আৰক্ষী বিষয়াসকলক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ অনুমতি অবিহনে কোনো ধৰণৰ আৰক্ষীৰ নীতি সম্পর্কীয় তথ্য প্ৰকাশ নকৰিবলৈ সকীয়াই দিয়া হৈছে ৷