ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। শুকুৰবাৰে আৰ বি আইৰ এই ঘোষণাৰ পাছত সাধাৰণ ৰাইজৰ মাজত উদ্বেগ হোৱাটো স্বাভাৱিক। ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ স্মৃতি পুনৰ ঘূৰি আহিছে। ২০১৬ চনৰ ৮ নৱেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট বিমুদ্ৰাকৰণ কৰিছিল। গোটেই দেশখনে ইয়াক কেন্দ্ৰ কৰি হাহাকাৰ সৃষ্টি হৈছিল । ৭ বছৰৰ পাছত এইবাৰ কেন্দ্ৰ চৰকাৰে ২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়। এই অৱস্থাত যদি আপোনাৰ হাতত ২০০০ টকীয়া নোট থাকে তেন্তে কি কৰিব?
২০০০ চনৰ নোট অহা ছেপ্টেম্বৰ পৰ্যন্ত বৈধ হৈ থাকিব বুলি আৰ বি আইয়ে প্ৰকাশ কৰিছে। অৱশ্যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২০০০ টকাৰ নোট বেংকত জমা কৰিব লাগিব। অৰ্থাৎ ২০০০ টকাৰ নোট এখন থাকিলে ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা দিব লাগিব।
কেনেকৈ জমা কৰিব? আৰ বি আইয়ে কয় যে সাধাৰণ মানুহে নিজৰ বেংকত গৈ ২০০০ নোট জমা কৰিব পাৰে। ২৩ মে’ৰ পৰা বেংক আৰু আৰ বি আইৰ আঞ্চলিক কাৰ্যালয়ত জমা কৰিব পাৰিব ২০০০ নোট।
এতিয়া প্ৰশ্ন হয়, ২০০০ টকীয়া নোট কিমান বেংকত জমা কৰিব পাৰি? বেংকৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মাব নোৱাৰাকৈ বা ২০০০ টকাৰ নোট জমা কৰাৰ সময়ত কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নকৰিবলৈ গ্ৰাহকে এদিনতে সৰ্বাধিক ২০ হাজাৰ টকা জমা কৰিব পাৰিব।
অহা ছেপ্টেম্বৰলৈকে ২০০০ টকীয়া নোটত লেনদেন কৰিব পাৰিব। কিন্তু ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা কৰিব লাগিব। ২০০০ টকীয়া নোট জমা কৰাৰ সময়ত কে ৱাই চি আৰু অন্যান্য প্ৰয়োজনীয় তথ্য বেংকত দিব লাগিব ৷
আৰ বি আইৰ তথ্য অনুসৰি ২০১৬ চনত বিমুদ্ৰাকৰণৰ সময়ত ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰা হৈছিল। সেই সময়ত নোটৰ অভাৱ পূৰণৰ বাবে বজাৰত ২০০০ টকীয়া নোটৰ প্ৰচলন কৰা হৈছিল। ২০১৮-১৯ চনত ২০০০ টকীয়া নোটৰ ছপা বন্ধ কৰা হয় ৷