১৬ সংখ্যক জন্মদিন উপলক্ষে উদযাপনৰ হঠাতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। জন্মদিন উদযাপনৰ সময়তে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় কিশোৰজনৰ। এই ঘটনাই সমগ্ৰ পৰিয়ালটোকে শোকস্তব্ধ কৰি তুলিলেও জন্মদিন উদযাপনেৰে কিশোৰজনক শেষ বিদায় দিয়া হয় ৷ কিশোৰটোৰ নশ্বৰ দেহৰ সন্মুখতে কটা হ’ল কেক ৷ তেলেংগানাৰ আছিফাবাদ জিলাত সংঘটিত হৈছে এই ঘটনা।
উল্লেখ্য যে শুকুৰবাৰে ১৬ বছৰ সম্পূৰ্ণ কৰিলে চি এইচ শচীন নামৰ কিশোৰজনে । তেওঁৰ ঘৰ বাবাপুৰ গাঁৱত। জন্মদিন উপলক্ষে গাঁৱৰ আত্মীয় তেওঁৰ ঘৰত উপস্থিত হয়। কেকটো লৈ আহিছিল পৰিয়ালৰ লোকে। খাদ্যৰো ব্যৱস্থা কৰা হৈছিল৷ জন্মদিনৰো প্ৰস্তুতি পূৰ্ণ গতিত চলিছিল।
এই সকলোবোৰৰ মাজতে হঠাতে ঢলি পৰে শচীন। চেতনা হেৰুৱাই পেলায় তেওঁ ৷ লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি চিকিৎসকে । ইয়াৰ পিছতে কিশোৰজনৰ নশ্বৰ দেহ ঘৰলৈ অনা হয়। পৰিয়ালটোৱে জনোৱা মতে, মৃত পুত্ৰক সন্মান জনাই দিনটোৰ বাকী সময়খিনি উদযাপন কৰা হয় ৷