VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভূস্বৰ্গত জি-২০ৰ বৈঠকত ৬০ জন বিদেশী প্ৰতিনিধি, সমগ্ৰ কাশ্মীৰত কটকটীয়া নিৰাপত্তা, অনুপস্থিত চীন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 22, 2023
in মুখ্য সংবাদ
ভূস্বৰ্গত জি-২০ৰ বৈঠকত ৬০ জন বিদেশী প্ৰতিনিধি, সমগ্ৰ কাশ্মীৰত কটকটীয়া নিৰাপত্তা, অনুপস্থিত চীন
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

 

জি-২০ গ্ৰুপৰ পৰ্যটন বৈঠক কাশ্মীৰত অনুষ্ঠিত হৈছে। এই বৈঠক সোমবাৰৰ পৰা বুধবাৰলৈ অনুষ্ঠিত হ’ব ৷ এই বৈঠকত বিভিন্ন দেশৰ কমেও ৬০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই সভাৰ বাবে সমগ্ৰ উপত্যকাখন সজ্জিত কৰি তোলা হৈছে। ২০১৯ চনত জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে তাত আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক কেৱল দেশৰ ভিতৰতে নহয়, আন দেশৰ পৰাও আপত্তি উত্থাপন কৰিছিল। ভাৰতে কাশ্মীৰৰ শান্তি, স্থিৰতা আৰু সৌন্দৰ্য্য বিদেশী অতিথিৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিব জি-২০ বৈঠকৰ জৰিয়তে ৷

 

শ্ৰীনগৰৰ দাল হ্ৰদৰ গাতে লাগি থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত হৈছে এই বৈঠক। চাৰিওফালৰ অঞ্চল বিভিন্ন ধৰণেৰে সজোৱা হৈছে। এই বৈঠকত ভাৰতৰ দায়িত্বত থকা হৰ্ষবৰ্ধন শ্ৰিংলাই কয় যে জি-২০ বৈঠকৰ আয়োজক দেশ হিচাপে ভাৰতত মুঠ ১১৮খন বৈঠক বিভিন্ন স্তৰত অনুষ্ঠিত হ’ব। দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব এই বৈঠক। ছেপ্টেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব ইয়াৰ মুল  সন্মিলন। বিদেশী অতিথিসকলৰ নিৰাপত্তাৰ দিশটো মনত ৰাখি এই বৈঠকত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। নিৰাপত্তাৰ বাবে সামৰিক, অৰ্ধসামৰিক বাহিনী, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ) নিয়োগ কৰা হৈছে ৷দেওবাৰে এন আই এয়ে কুপৱাৰাকে ধৰি কাশ্মীৰৰ কেইবাটাও স্থানত তালাচী চলাই সন্ত্ৰাসবাদীৰ চোৰাংচোৱা বুলি সন্দেহ কৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। নাৱেৰে দাল হ্ৰদতো তালাচী চলোৱা হৈছে।

 

এই বৈঠকত চীন আৰু তুৰস্কৰ প্ৰতিনিধি উপস্থিত নাই । ছৌদি আৰবেও এই বৈঠকত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰা নাছিল। শুকুৰবাৰে সংবাদমেলত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কয় যে তেওঁলোকে ‘বিবাদিত’ কাশ্মীৰ ভূখণ্ডত জি-২০ পৰ্যটন মন্ত্ৰীসকলৰ আগন্তুক বৈঠকত অংশগ্ৰহণ নকৰে। তেওঁ কয়, ‘জি-২০ বৈঠক বিতৰ্কিত স্থানত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চীনে।’ চীনৰ এই মন্তব্যৰ পিছত ভাৰতে কঠোৰ ভাষাৰে উত্তৰ দিয়ে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিলে যে ভাৰত চৰকাৰে নিজৰ দেশৰ ভিতৰতে ক’ত সন্মিলন অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব। এই ক্ষেত্ৰত আন কোনো দেশৰ পৰামৰ্শ গ্ৰহণ কৰা নহ’ব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা অংশই চীনৰ এই স্থিতিৰ আঁৰত পাকিস্তানৰ ‘অদৃশ্য হাত’ থকা বুলি সন্দেহ প্ৰকাশ কৰিছে

Previous Post

জন্মদিন উদযাপনৰ সময়তে হার্ট এটেক হৈ ১৬ বছৰীয়া কিশোৰৰ মৃত্যু, মৃতদেহৰ কাষত পৰিয়ালে কাটিলে কেক

Next Post

গৰমৰ দিনত প্ৰতিদিনে জামু খাই নেকি? খোৱাৰ সময়ত কি নিয়ম মানি নচলিলে সৃষ্টি হয় শাৰিৰীক সমস্যাৰ ?

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
গৰমৰ দিনত প্ৰতিদিনে জামু খাই নেকি? খোৱাৰ সময়ত কি  নিয়ম মানি নচলিলে সৃষ্টি হয় শাৰিৰীক সমস্যাৰ ?

গৰমৰ দিনত প্ৰতিদিনে জামু খাই নেকি? খোৱাৰ সময়ত কি নিয়ম মানি নচলিলে সৃষ্টি হয় শাৰিৰীক সমস্যাৰ ?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7