আই পি এলত আন এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে শুভমন গিলে। গুজৰাট টাইটানছৰ যুৱ অ’পেনাৰগৰাকীয়ে প্ৰথম কোৱালিফায়াৰত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে বিৰাট কোহলীৰ অভিলেখ স্পর্শ কৰে। আই পি এলত ৭০০ ৰান সংগ্ৰহ কৰা দ্বিতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় শুভমন।
শুভমন নিখুঁত ছন্দত আছে। এই আই পি এলত তেওঁ দ্বিশতক অর্জন কৰিছে মঙলবাৰে ধোনিৰ দলৰ বিৰুদ্ধে তেওঁ ৩৮টা বলত ৪২ ৰান সংগ্ৰহ কৰে। এই মেচখনলৈকে তেওঁ এই আই পি এলত ৭২২ ৰান সংগ্ৰহ কৰে। শুভমনে আই পি এলত ৭০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা দ্বিতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ২০১৬ চনত কোহলীয়ে ৯৭৩ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ পিছত শুভমন ৭০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হোৱা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়।
যদিও ছয়জন বিদেশী ক্ৰিকেটাৰৰ ভিতৰত ভাৰতৰ দুজনৰ এই নজিৰ আছে। ২০২২ চনত জোছ বাটলাৰে ৮৬৩ ৰান সংগ্ৰহ কৰিছিল। ২০১৬ চনত ডেভিদ ৱাৰ্নাৰে ৮৪৮ ৰান সংগ্ৰহ কৰিছিল। ২০১৮ চনত কেন উইলিয়ামছনৰ বেটৰ পৰা ৭৩৫ ৰান সংগ্ৰহ কৰিছিল। ২০১২ চনৰ প্ৰতিযোগিতাখনত ক্ৰীছ গেলে ৭৩৩ ৰান সংগ্ৰহ কৰিছিল। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে ২০১৩ চনৰ আই পি এলতো ৭০৮ ৰান সংগ্ৰহ কৰিছিল। দুখন আই পি এলত ৭০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তেওঁ। ২০১৩ চনত মাইকেল হাছেই ৭৩৩ ৰান সংগ্ৰহ কৰিছিল।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অধিনায়ক ফাফ ডু প্লেছিছে এইবাৰ ৭৩০ ৰান সংগ্ৰহ কৰে। যদিও তেওঁৰ দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল, তথাপিও তেওঁ ‘অৰেঞ্জ কেপ’ৰ দৌৰত শীৰ্ষত আছে। শুভমনে তেওঁক উফৰাই পেলোৱাৰ সুযোগ আছে। গুজৰাটে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও দ্বিতীয় কোৱালিফায়াৰত খেলাৰ সুযোগ পাব। অৰ্থাৎ তেওঁ আৰু এখন মেচ খেলাৰ সুযোগ পাব। সেই মেচত যদি তেওঁ ৯ ৰান কৰিব পাৰে তেন্তে এই আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ‘অৰেঞ্জ কেপ’ লাভ কৰিব শুভমনে।