২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিৰ অভিযোগত অভিযুক্ত জেকলিন ফাৰ্নাণ্ডেজ আৰু সুকেশ চন্দ্ৰশেখৰৰ মাজত সম্পৰ্ক আছিল। তেওঁলোকৰ ঘনিষ্ঠ মুহূৰ্তৰ কিছু ছবিও বিভিন্ন মাধ্যমত বিয়পি পৰিছে। প্ৰেমিকাক বহুত দামী উপহাৰো দিছিল চন্দ্ৰশেখৰে । তাৰ পিছতো সুকেশৰ নাম এই আৰ্থিক কেলেংকাৰীত সোমাই পৰিল। আৰ্থিক জালিয়াতিৰ গোচৰত অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজও জড়িত। জামিন লাভ কৰিলেও গোচৰটোত প্ৰতি মাহে আদালতত হাজিৰ হ’ব লাগে ৷ সম্প্ৰতি দুই লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিনত মুকলি আকাশৰ তলত আছে অভিনেত্ৰীগৰাকী। অৱশ্যে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে অভিনেত্ৰীগৰাকীৰ। এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে আবেদন জনায়। অৱশেষত অনুমতি দিলে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে। ২৫ মে’ৰ পৰা ১২ জুনলৈ তেওঁ বিদেশ ভ্ৰমণৰ অনুমতি লাভ কৰিছে।
মঙলবাৰে ন্যায়াধীশ শৈলেন্দ্ৰ মালিকে অভিনেত্ৰীগৰাকীক বলীউডৰ এৱাৰ্ড শ্ব’ত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰে। ২৫ মে’ৰ পৰা ২৭ মে’লৈ তেওঁ আমিৰশ্বাহীত থাকিব। ইয়াৰ পিছত তেওঁ ইটালীৰ মিলানলৈ উৰা মাৰিব। ১২ জুনলৈকে ছবিখনৰ শ্বুটিঙৰ বাবে তেওঁ তাত থাকিব। অৱশেষত আদালতে অভিনেত্ৰীগৰাকীৰ আবেদন মঞ্জুৰ কৰে।
এই মুহূৰ্তত জেলত থকা সুকেশে তাৰ পৰাই ইখনৰ পিছত সিখনকৈ জেকলিনলৈ প্ৰেমৰ চিঠি প্ৰেৰণ কৰি আছে। অভিনেত্ৰী গৰাকীয়ে এৰিব বিচাৰিলেও সুকেশে তেওঁক এৰিব নিবিচাৰে ৷