বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত সলনি হ’ব ভাৰতীয় দলৰ জার্চি ৷ ভাৰতীয় দলৰ জাৰ্চি নিৰ্মাণৰ দায়িত্ব ল’ব এটা নতুন কোম্পানীয়ে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অহা মাহৰ পৰা সেই সংস্থাটোৰ সৈতে পাঁচ বছৰীয়া চুক্তি স্বাক্ষৰ কৰে।এই কথা মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে বিচিচিআইয়ে। টেষ্ট বিশ্বকাপত নতুন কোম্পানীটোৰ ল’গ’ থাকিব এই বগা জাৰ্চি। ব’ৰ্ডে এতিয়াও ৰঙীন জাৰ্চি কেনেকুৱা হ’ব সেয়া প্ৰকাশ কৰা নাই ৷
ব’ৰ্ডে জনোৱা মতে, কেৱল ৰোহিত শৰ্মা, বিৰাট কোহলীৰ জাৰ্চিয়েই নহয়, নতুন সংস্থাটোৱে হৰমনপ্ৰীত কৌৰৰ দলৰ বাবেও জাৰ্চি নিৰ্মাণ কৰিব। লগতে ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলৰ জাৰ্চি নিৰ্মাণ কৰিব নতুন প্ৰতিষ্ঠানটোৱে । ভাৰতীয় দলৰ জাৰ্চি নিৰ্মাণ কৰা কোম্পানীসমূহ বিভিন্ন ক্ৰীড়া সংস্থাৰ সৈতে জড়িত। ক্ৰীড়াৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন সা-সঁজুলিও তৈয়াৰ কৰে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয়, ‘আমি ক্ৰিকেটক আৰু ডাঙৰ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। এই সংস্থাই ভাৰতীয় ক্ৰিকেটাৰসকলক ভাল খেলিবলৈ প্ৰেৰণা দিব।”
জাৰ্চি স্পনচাৰ্ছ ব’ৰ্ড অৱ ইণ্ডিয়াৰ চিইঅ’ বন গুলডেনে কয় ‘ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হৈ আমি গৌৰৱান্বিত। ক্ৰিকেট ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেল। এনে এটা দলৰ সৈতে জড়িত হোৱাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিগত দহ বছৰত ভাৰতে ক্ৰীড়াৰ ক্ষেত্ৰত সৰ্বাধিক বৃদ্ধি পাইছে। সেইখিনিতে আমি জড়িত হৈ পৰিলোঁ।”
এই সংস্থাটো বিশ্বকাপ বিজয়ী ফুটবল দল আৰ্জেণ্টিনাৰ সৈতেও জড়িত। ইয়াৰ উপৰিও তেওঁলোকে আমেৰিকান মেজৰ লীগ ছকাৰত অল ব্লেকছ দলকো পৃষ্ঠপোষকতা কৰে। ইয়াৰ উপৰিও কোম্পানীটোৱে ভাৰতৰ পুৰুষ, মহিলা, ১৯ বছৰ অনুৰ্ধ, ইণ্ডিয়া এ আৰু বি টিম জাৰ্চি নিৰ্মাণ কৰিব।