মমতা বেনাৰ্জীৰ পিছত অববিন্দ কেজৰিৱাল, ভগৱন্ত মান, নীতিশ কুমাৰ আৰু কে চন্দ্ৰশেখৰ ৰাও, এম কে ষ্টেলিন, পিনাৰায় বিজয়ন, অশোক গেহলটেও দিল্লীত শনিবাৰে অনুষ্ঠিত হোৱা নীতি আয়োগৰ বৈঠকক ‘বয়কট’ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই এই ধাৰাক নৰেন্দ্ৰ মোদী চৰকাৰে দিল্লীত ‘ ক্ষমতা দখল’ৰ বাবে জাৰি কৰা বিতৰ্কিত অধ্যাদেশৰ বিৰুদ্ধে বিৰোধীয়ে ঐক্যবদ্ধ প্ৰতিবাদৰ সূচক বুলি গণ্য কৰে। ইয়াৰ পূর্বে নীতি আয়োগৰ বৈঠকত মুখ্যমন্ত্রী মমতাই অংশগ্রহণ নকৰে বুলি মমতা বেনার্জীয়ে ঘোষণা কৰিছিল ৷
আম আদমী পাৰ্টিৰ দুই মুখ্যমন্ত্ৰী দিল্লীৰ অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ ভাগৱন্ত মানেও শুকুৰবাৰে নীতি আয়োগৰ বৈঠক ‘বৰ্জন’ৰ কথা ঘোষণা কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈও এখন পত্ৰ লিখিছিল কেজৰিৱালে। শনিবাৰে পুৱা বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউ নেতা নীতিশ কুমাৰ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ মুৰব্বী চন্দ্ৰশেখৰ, তামিলনাডুৰ শাসকীয় ডিএমকেৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনেও একে পথেৰে খোজ দিয়াৰ কথা ঘোষণা কৰে।
নিউজ এজেন্সী এ এন আইৰ বাতৰি অনুসৰি কেৰেলাৰ মুখ্যমন্ত্ৰী, চি পি এম নেতা পিনাৰায়ী বিজয়ন আৰু ৰাজস্থান কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অশোক গেহলতো দিল্লীত মোদীৰ বৈঠকলৈ নাযায়। অৱশ্যে বিজয়নে নযোৱাৰ কাৰণ হিচাপে ‘অন্য অনুষ্ঠান’ৰ কথা উল্লেখ কৰে। গেহলটে ‘শাৰীৰিক অসুস্থতাৰ কাৰণ’ দিছিল। কিন্তু কমেও ৮খন অবিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্রীৰ এই সিদ্ধান্তই কেন্দ্ৰক অস্বস্তিত পেলাব বুলি আশংকা কৰা হৈছে ৷