ভাৰতীয় বিজ্ঞানীৰ এটা দলে বৃহস্পতি গ্ৰহতকৈ প্ৰায় ১৩ গুণ ডাঙৰ গ্ৰহ এটা আৱিষ্কাৰ কৰিছে। আহমেদাবাদৰ ভৌতিক গৱেষণা পৰীক্ষাগাৰ (PRL)ৰ বিজ্ঞানীসকলৰ মতে সৌৰজগতৰ বাহিৰৰ সেই গ্ৰহটোৱেই হৈছে মহাকাশৰ আটাইতকৈ ঘন গ্ৰহ। এই আৱিষ্কাৰৰ আঁৰত আছে বিজ্ঞানী অভিজিৎ চক্ৰৱৰ্তীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞানীৰ এটা দল। শেহতীয়াকৈ এষ্ট্ৰনমী এণ্ড এষ্ট্ৰফিজিক্স লেটার্চ (‘Astronomy and Astrophysics Letters’ )নামৰ এখন আলোচনীত এই গৱেষণাৰ বিষয়ে বিতং তথ্য প্ৰকাশ কৰিছে।
ভাৰতৰ বাহিৰেও পি আৰ এলৰ এই গৱেষণা দলটোত আমেৰিকা, জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ দৰে দেশৰ বিজ্ঞানীসকলো অন্তৰ্ভুক্ত। শেহতীয়াকৈ তেওঁলোকে আৱিষ্কাৰ কৰা নতুন গ্ৰহটো আচলতে এটা বহিঃগ্ৰহ। অৰ্থাৎ এই নতুন গ্ৰহটো সৌৰজগতৰ বাহিৰৰ এটা বিশাল তৰাৰ চাৰিওফালে ঘূৰি থাকে। নতুনকৈ আৱিষ্কৃত গ্ৰহটোৰ ভৰ জুখিছিল ৰাজস্থানৰ শিলৰ চহৰ মাউণ্ট আবুৰ গুৰুশিখৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ পৰা থলুৱাভাৱে নিৰ্মিত ‘পি আৰ এল এডভান্সড ৰেডিয়েল-ভেলচিটি আবু স্কাই চাৰ্চ স্পেকট’গ্ৰাফ’ৰ দ্বাৰা। বিজ্ঞানীসকলৰ মতে এই নতুন গ্ৰহটোৰ ভৰ ১৪ গ্ৰাম/ঘন চেণ্টিমিটাৰ।
পৃথিৱীৰ পৰা ৭৩১ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এই গ্ৰহটোক ‘TOI 4603b’ বা ‘HD245134b’ নাম দিয়া হৈছে। নতুন গ্ৰহটোৱে TOI 4603 বা HD245134 নামৰ এটা বিশাল তৰাক প্ৰদক্ষিণ কৰিছে। এই গ্ৰহটোৱে এবাৰ তৰাটোক প্ৰদক্ষিণ কৰিবলৈ ৭.২৪ দিন সময় লাগে। এই নতুন গ্ৰহটো অতি উষ্ণ আৰু ইয়াৰ বাহিৰৰ উষ্ণতা প্ৰায় ১৩৯৬ ডিগ্ৰী চেলছিয়াছ বুলিও বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে ভাৰতীয় বিজ্ঞানীৰ এটা দলে এনে দুটা বহিঃগ্ৰহ আৱিষ্কাৰ কৰিছিল। এই পৰ্যন্ত সৌৰজগতৰ বাহিৰত এনেধৰণৰ ৫,০০০ৰো অধিক বহিঃগ্ৰহ আৱিষ্কাৰ হৈছে। যাৰ প্ৰকৃতি, বৈশিষ্ট্য আৰু জলবায়ু ইটোৱে সিটোৰ পৰা সম্পূৰ্ণ পৃথক। ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোই এক বিবৃতিত কয় যে, পি আৰ এলৰ বৈজ্ঞানিক দলৰ এই নতুন আৱিষ্কাৰৰ ফলস্বৰূপে সৌৰজগতৰ বাহিৰত বহিঃগ্ৰহৰ গঠন পদ্ধতি, বিৱৰ্তন, প্ৰব্ৰজন সম্পৰ্কীয় বিভিন্ন অজ্ঞাত তথ্য সহজেই বিতংভাৱে জানিব পৰা যাব।