কিছুদিন পূৰ্বে প্ৰিয়ংকা চোপ্ৰাই অভিনেত্ৰীসকলৰ পাৰিশ্ৰমিক সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। দীৰ্ঘদিন বলীউডত কাম কৰাৰ পিছত তেওঁ হলিপ্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ২২ বছৰীয়া কেৰিয়াৰত তেওঁ ‘চিটাডেল’ ছিৰিজত পুৰুষ তাৰকাৰ সমান পাৰিশ্ৰমিক লাভ কৰা প্ৰথমগৰাকী মহিলা তাৰকা হিচাপে পৰিগণিত হয় বুলি দেশী গাৰ্লে প্ৰকাশ কৰে। প্ৰিয়ংকাই কয়, ‘মই সত্তৰখনতকৈও অধিক ছবিত কাম কৰিছো। মই কেইবাটাও টেলিভিছন শ্ব’ কৰিছো। ‘চিটাডেল’ত- মোৰ বিপৰীতে থকা পুৰুষ অভিনেতাজনৰ সমান পাৰিতোষিক প্ৰথমবাৰৰ বাবে পাইছো।” দুটা দশকৰ কেৰিয়াৰৰ অন্তত এই নজিৰ গঢ়িবলৈ সক্ষম হৈছে প্ৰিয়ংকাই। এইবাৰ বলীউডৰ বিতৰ্কিত ‘কুইন’ কংগনা ৰানাৱতে এই সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
প্ৰিয়ংকাৰ হৈ থিয় দি কংগনাই কয়, ‘এইটো সঁচা যে নাৰীয়ে পিতৃতান্ত্রিক সমাজৰ আগত নতশিৰ হ’ব লাগে৷ পাৰিশ্ৰমিকৰ বৈষম্যৰ বিষয়ে মই প্ৰথমে মুকলিকৈ প্ৰকাশ কৰিছো ৷মোক বিনামূলীয়াকৈ কাম কৰাৰ প্ৰস্তাৱো দিয়া হৈছিল। পাৰিশ্ৰমিকৰ ক্ষেত্ৰত অটল হৈ থকাৰ সময়তে মোৰ সময়ৰ শীৰ্ষ অভিনেত্ৰীসকলে বিনামূলীয়াকৈ কাম কৰিছে। কাৰণ ছবিখন হেৰাই যাব বুলি ভয় খাইছিল। এতিয়া তেওঁলোকে সৰ্বোচ্চ পাৰিশ্ৰমিক দাবী কৰিছে। যদিও মোক সদায় পুৰুষ অভিনেতাৰ দৰেই পাৰিশ্ৰমিক দি আহিছে ৷গতিকে এতিয়া কোনো দোষ নাই।” কিছুদিন পূর্বে প্ৰকাশ হৈছিল যে ভাৰতীয় অভিনেত্ৰীৰ ভিতৰত প্ৰিয়ংকাক সৰ্বাধিক পাৰিশ্ৰমিক দিয়া হৈছিল।