ৰাজস্থানত বিধানসভা নিৰ্বাচনলৈ কিছু মাহ বাকী। ইয়াৰ পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজস্থানত ঘোষণা কৰিছে নতুন প্ৰতিশ্ৰুতি। এতিয়াৰে পৰা ৰন্ধন গেছৰ দৰে ৰাজস্থানৰ লোকে লাভ কৰিব বিনামূলীয়া বিজুলী ৷ তেওঁ কয় যে ৰাজস্থানৰ ৰাইজে ১০০ ইউনিট পৰ্যন্ত কোনো ধৰণৰ বিদ্যুতৰ বিল পৰিশোধ কৰিব নালাগিব। অহা ১০০ ইউনিটতকৈ অধিক ইউনিটৰ বাবে বিদ্যুতৰ বিল হিচাপে নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিলেই হ’ব ৷ টুইটাৰত ভিডিঅ’ বাৰ্তাত তেওঁ ঘোষণা কৰে যে, “বিদ্যুতৰ বিল যিয়েই নহওক কিয়, প্ৰথম ১০০ ইউনিট বিনামূলীয়া হ’ব।”
শেহতীয়াকৈ ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০০ টকালৈ বৃদ্ধি কৰিছে। ইয়াৰ বাবে বিপুল পৰিমাণৰ ৰাজসাহায্য আবণ্টন দিয়া হৈছে। মুখ্যমন্ত্ৰী গেহলটে এইবাৰ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰসংগক্ৰমে বিজেপিৰ নেতৃত্ব আৰু নির্বাচনী বিশেষজ্ঞৰ মতে বিনামূলীয়া বিদ্যুৎ, শিক্ষিত নিবনুৱাৰ ভাট্টা, মাছমৰীয়াৰ বাবে সস্তীয়া ডিজেল আদি পাঁচ দফা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছে কৰ্ণাটকত জয়লাভ কৰিছে।
আগন্তুক দিনত যিবোৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হয়, সেইবোৰত কংগ্ৰেছে এনে প্ৰতিশ্ৰুতি দি ভোটাৰৰ হৃদয় জয় কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ স্পষ্ট ইংগিত ৰাজস্থানত পোৱা গৈছে ৷ হয়তো, কংগ্ৰেছৰ এই কৌশল উপলব্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজস্থানলৈ গৈ কংগ্ৰেছৰ প্ৰতিশ্ৰুতি কাৰ্যতঃ অসাৰ বুলি দাবী কৰে। তেওঁ কয়, “কংগ্ৰেছৰ ‘গেৰাণ্টী’ দিয়াৰ প্ৰথা পুৰণি৷ পঞ্চাশ বছৰৰ আগতে কংগ্ৰেছে দৰিদ্ৰতা নিৰ্মূল’ৰ প্ৰতিশ্ৰুতি দিছিল। একো নহ’ল। সেই প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাটোৱেই হৈছে দেশৰ জনসাধাৰণৰ প্ৰতি চূড়ান্ত প্ৰতাৰণা।”