কংগ্ৰেছৰ মিত্ৰদল ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগক ‘ধৰ্মনিৰপেক্ষ’ বুলি অভিহিত কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বিজেপিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে । গেৰুৱা বাহিনীৰ অভিযোগ যে কেৰালাৰ ৱাইনাৰৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে ভোটৰ স্বার্থত এনেদৰে কৈছে ৷
বৃহস্পতিবাৰে ৱাশ্বিংটন ডি চিৰ নেশ্যনেল প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰে ৰাহুলে। তাতে কেৰালাৰ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ মিত্ৰজোঁটৰ অংশীদাৰ আই ইউ এম এলৰ প্ৰেক্ষাপটত বিজেপিৰ ‘সাম্প্ৰদায়িকতাবাদ আৰু মেৰুকৰণৰ ৰাজনীতি’ক লৈ এটা প্ৰশ্ন উত্থাপন হয়। এটা প্ৰশ্নৰ উত্তৰত ৰাহুলে কয়, ‘মুছলিম লীগ সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ দল। মুছলিম লীগৰ কাৰ্যকলাপ ধৰ্মনিৰপেক্ষ। মই ভাবো সেই ব্যক্তিজনে (যিজনে প্ৰশ্নটো সুধিছিল) মুছলিম লীগৰ বিষয়ে বিশেষ অধ্যয়ন কৰা নাই।”
কেৰালাৰ ৰাজনীতিত বিভিন্ন সময়ত মুছলিম লীগৰ কেইবাটাও ফৈদ কংগ্ৰেছ আৰু বাওঁপন্থীৰ মিত্ৰ হৈ আহিছে। এই বিষয়ত বিজেপি আৰু সংঘ পৰিয়ালে আৰম্ভণিৰে পৰা তেওঁলোকক কটাক্ষ কৰি আহিছে। ৱাশ্বিংটনত ৰাহুলৰ এই মন্তব্যৰ পিছতে বিজেপিৰ আই টি চেলৰ নেতা অমিত মালৱ্যই টুইট কৰি কয়, “ৰাহুলে ভাৰত বিভাজনৰ বাবে দায়ী জিন্নাৰ দল মুছলিম লীগক ধৰ্মনিৰপেক্ষ বুলি আখ্যা দিয়ে! আচলতে তেওঁৰ ৱাইনাৰত নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে এই মন্তব্য কৰিছে ৷”