মহেন্দ্ৰ সিং ধোনিৰ আঁঠুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে । আই পি এলৰ ঠিক পিছতেই ধোনীৰ আঁঠুৰ চিকিৎসাৰ বাবে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভর্ত্তি হয় । চিকিৎসকে পলম নকৰাকৈ তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় ৷ বৃহস্পতিবাৰে কৰা হয় তেওঁৰ অস্ত্ৰোপচাৰ।
চেন্নাই ছুপাৰ কিংছৰ এজন বিষয়াই কয় যে, বৃহস্পতিবাৰে মুম্বাইত ধোনিৰ সফল অস্ত্ৰোপচাৰ কৰা হয়। তেওঁৰ স্বাস্থ্য বর্তমান সুস্থিৰ ৷এদিন বা দুদিনৰ ভিতৰতে ধোনীক ঘৰলৈ যাবলৈ দিয়া হ’ব ৷ ইয়াৰ পিছত ধোনীয়ে কেইদিনমান জিৰণি লৈ পুনৰ অনুশীলন আৰম্ভ কৰিব। বিষয়াগৰাকীয়ে কয়, ‘পৰৱৰ্তী আই পি এললৈ এতিয়াও বহু সময় বাকী আছে। তাৰ পূৰ্বে ধোনী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব।“
আই পি এলত জয়লাভ কৰি আহমেদাবাদৰ পৰা পলম নকৰাকৈ মুম্বাইলৈ আহিছিল ধোনীয়ে। বাকী দলটো চেন্নাইলৈ উভতি আহিছিল যদিও ধোনী যোৱা নাছিল ৷ তেওঁ কোকিলাবেন হাস্পতাললৈ গৈ ডাক্তৰ দিনাশ পাৰ্দিৱালাক আঘাতৰ পৰীক্ষা কৰিবলৈ দিয়ে। ইয়াৰ পূৰ্বে তেওঁ চেন্নাইৰ টিম মেনেজমেণ্ট এছ’চিয়েশ্যনৰ সৈতে কথা পাতিছিল। ধোনীৰ সৈতে মুম্বাইত আছে চেন্নাই দলৰ চিকিৎসক মধু থোট্টাপিল।
আই পি এলৰ সময়ত ধোনীয়ে বাওঁ আঁঠুত আইচ পেক পিন্ধি থকা দেখা গৈছিল। চেন্নাইৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিংয়ে কয়, ‘ধোনীৰ আঁঠুৰ আঘাতৰ কথা তেওঁৰ গতিবিধি দেখি সেই কথা বুজিব পাৰি। সেইবাবেই তেওঁ কোনো কাম সহজে কৰিব নোৱাৰে। কিন্তু সকলোৱে জানে তেওঁ এজন মহান ক্ৰিকেটাৰ। ফিটনেছক সদায় পেছাদাৰিত্বৰে ব্যৱহাৰ কৰি আহিছে ।”
সোমবাৰে নিশা ধোনীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ এতিয়াই অৱসৰ ল’ব বিচৰা নাই। আই পি এলৰ ট্ৰফী গ্ৰহণ কৰাৰ পূৰ্বে আয়োজক হৰ্ষ ভোগলেৰ প্ৰশ্নৰ সন্মুখীন হৈছিল ধোনীয়ে। অৱসৰ সন্দর্ভত সোধা প্ৰশ্নৰ উত্তৰত ধোনিয়ে হাঁহি এটা মাৰি কয়-, “হয়তো এইটোৱেই অৱসৰ ঘোষণা কৰাৰ বাবে সৰ্বোত্তম সময়। কিন্তু যোৱা কেইমাহমানৰ পৰা সমগ্ৰ দেশতে যি মৰম পাইছো সেয়া কেতিয়াও পাহৰিব নোৱাৰা । ইয়াৰ পৰাই ক্ৰিকেটক বিদায় দিব পাৰিম। কিন্তু মোৰ বাবে কঠিন প্ৰত্যাহ্বানটো হ’ল অহা ৯ মাহত কঠোৰ পৰিশ্ৰম কৰি আৰু এখন আই পি এল খেলাৰ চেষ্টা কৰা। মোৰ এতিয়াও ৬-৭ মাহ সময় আছে চিন্তা কৰিবলৈ। এয়া মোৰ ফালৰ পৰা অনুৰাগীলৈ উপহাৰ। মই জানো কামটো শৰীৰৰ বাবে সহজ নহ’ব।“