দুবছৰ ধৰি বাৰ্লিনৰ শিশু গৃহত ‘বন্দী’ হৈ থকা ভাৰতীয় শিশু আৰিহা শ্বাহক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত আৰিহাৰ বয়স আছিল ২৭ মাহ। জাৰ্মান বাসিন্দা ভাৰতীয় দম্পতী ভৱেশ আৰু ধৰা শ্বাহে সন্তানক উপযুক্ত যত্ন নোলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ পৰা আৰিহাক কাঢ়ি লৈ যায়। আনকি পিতৃ-মাতৃৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন হৈছিল। পিছত অভিযোগ খাৰিজ কৰা হয় যদিও আৰিহাক পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিওৱা নহ’ল।
এক সাক্ষাৎকাৰত ধৰা শ্বাহে কয় যে জাৰ্মান চৰকাৰৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোগাযোগ কৰিছে। অতি সোনকালে আৰিহাক দেশলৈ ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক কঠোৰ বিবৃতি প্ৰকাশ কৰিছে বুলি ধৰাই কয়। তেওঁ কয় “জাৰ্মান প্ৰশাসনক আৰিহাক শীঘ্ৰে দেশলৈ ঘূৰাই পঠিয়াবলৈ কোৱা হৈছে। আমি এইবাৰ আশাৰ পোহৰ দেখিবলৈ পাইছো । আৰিহা হয়তো সঁচাকৈয়ে ঘৰলৈ উভতি আহিব পাৰে।”
২০২১ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত ঘটনাত ভৱেশ আৰু ধাৰাই কন্যাক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। ছোৱালীজনীৰ ডায়েপাৰত তেজ দেখি তেওঁলোক ডাক্তৰৰ ওচৰলৈ গ’ল। তেতিয়া চিকিৎসালয় কৰ্তৃপক্ষই চাইল্ড কেয়াৰ চাৰ্ভিচেছক জনাইছিল। তেতিয়াৰ পৰাই জাৰ্মানীত এই শিশুটি শিশু গৃহৰ তত্বাৱধানত আছে।
ভাৰতৰ মতে শিশুটিৰ ভাষা, ধৰ্ম, সংস্কৃতি বা সামাজিক পৰিৱেশ সকলো বেলেগ বেলেগ। এই পৰিবেশত থকাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় ‘ আমি বাৰে বাৰে জোৰ দি আহিছো যে অৰিহা শ্বাহ এগৰাকী ভাৰতীয় নাগৰিক। শিশুৰ আৰ্থ-সাংস্কৃতিক বৃদ্ধি নিৰ্ভৰ কৰে পিতৃ-মাতৃৰ লগত ক’ত থাকে তাৰ ওপৰত। অৰিহাক অতি সোনকালে ভাৰতলৈ ঘূৰাই পঠিয়াবলৈ জাৰ্মান চৰকাৰলৈ অনুৰোধ। ভাৰতীয় নাগৰিক হিচাপে তেওঁৰ সেই অধিকাৰ আছে। আমি নিশ্চিত কৰিম যে সেয়া যাতে হয়।“