ইতিমধ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্টৰ ফাইনেল খেলিবলৈ দলৰ সদস্যসকলৰ সৈতে ইংলেণ্ডত উপস্থিত হৈছে যশস্বী জয়ছোৱাল আৰু সূর্যকুমাৰ যাদৱ । অৱশ্যে এই দুগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ফাইনেলত খেলাৰ সম্ভাৱনা কম।
দলৰ সৈতে ইংলেণ্ডলৈ গৈ দুয়োজন ক্ৰিকেটাৰে জোৰদাৰ প্ৰস্তুতি চলাইছে। কিন্তু তেওঁলোক প্ৰথম এঘাৰত থকাৰ সম্ভাৱনা নাই। কাৰণ আই চি চিৰ কাৰণে ব’ৰ্ডে নাম উল্লেখ কৰা ১৫জন সদস্যৰ তালিকাত যশস্বী আৰু সূৰ্যকুমাৰৰ নাম অন্তৰ্ভুক্ত নহয়। ৰিজাৰ্ভ ক্ৰিকেটাৰ হিচাপে ইংলেণ্ডলৈ গৈছে তেওঁলোক । ১৫ জনীয়া দলত থাকিলেহে প্ৰথম এঘাৰত সুযোগ পোৱা সম্ভৱ। এজনো ৰিজাৰ্ভ ক্ৰিকেটাৰক প্ৰথম একাদশত অন্তৰ্ভুক্ত কৰিব নোৱাৰে।
তেন্তে এই দুই ক্ৰিকেটাৰে প্ৰথম এঘাৰত খেলিব নোৱাৰিবনে? সেই সুযোগো আছে। যদি শেষ মুহূৰ্তত ১৫ জনীয়া দলত অন্তৰ্ভুক্ত হয়, তেন্তে প্ৰথম এঘাৰত সুযোগ পাব পাৰে। কিন্তু ইচ্ছামতে ১৫ জনীয়া গোটত লব নোৱাৰিব। সেই দলৰ কোনো ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত হ’লে বা হঠাৎ অসুস্থ হৈ পৰিলেহে এজন ক্ৰিকেটাৰক ৰিজাৰ্ভৰ পৰা নিব পাৰি।