দুবছৰ পূৰ্বে ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্টৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল। অহা বুধবাৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ভাৰতে । ৰোহিত শৰ্মাৰ দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব টেষ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। এইবাৰ ট্ৰফী স্পৰ্শ কৰিব পাৰিবনে? জানিবলৈ আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব। স্বাভাৱিকতে বিশ্ব টেষ্ট ফাইনেলক লৈ যথেষ্ট উত্তেজনা দেখা যায়। পইণ্ট তালিকাৰ শীৰ্ষৰ পৰাই অষ্ট্ৰেলিয়াই ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পিছত ভাৰত আছিল। ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছত ভাৰতে পুনৰ তেওঁলোকৰ বিৰুদ্ধে ট্ৰফী জয়ৰ বাবে যুঁজ দিছে।
কেতিয়াৰ পৰা আৰম্ভ হ’ব মেচ?
অহা ৭ জুন অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্টৰ ফাইনেল।
কিমান বজাত আৰম্ভ হ’ব মেচ?
ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৩০ বজাৰ পৰা খেলখন আৰম্ভ হয়। স্থানীয় সময় অনুসৰি পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল ।
কোনটো বল খেলা হ’ব?
ডিউক ব’ল ব্যৱহাৰ কৰা হ’ব । সাধাৰণতে ইংলেণ্ডত খেলিলে এই বল ব্যৱহাৰ কৰা হয়। এছ জি নামেৰে ইংলেণ্ডত ইয়াক জনা যায় ৷ আনহাতে অষ্ট্ৰেলিয়া কুকাবুৰা বল খেলাত অভ্যস্ত।
মেচখন ক’ত হ’ব?
ইংলেণ্ডৰ লণ্ডনৰ কেনিংটন অভাল ষ্টেডিয়াম। বিশ্বকাপকে ধৰি বিগত এই ক্ষেত্ৰত ভাৰতৰ অভিলেখ যথেষ্ট ভাল।
মেচখন ক’ত চাব পাৰিব?
এই খেলখন ষ্টাৰ স্প’ৰ্টছৰ বিভিন্ন চেনেলত টিভিত চাব পাৰিব। এই মেচখন মোবাইলত ডিজনী প্লাছ হটষ্টাৰত এপত চাব পাৰিব।